ইউক্ৰেইনত আমেৰিকাৰ দ্বিতীয়গৰাকী সংবাদকৰ্মী নিহত৷ আমেৰিকাৰ চৰ্চিত ফক্স নিউজৰ এজন কেমেৰামেন নিহত৷ ফক্স নেটৱৰ্কৰ উদ্ধৃতি দি এএফপিয়ে উল্লেখ কৰিছে এই কথা৷ ৰাছিয়াৰ সেনাৰ গুলী লাগি ফক্স নিউজৰ কেমেৰামেন নিহত হৈছে৷ ফক্স নিউজৰ সংবাদদাতা বেঞ্জামিন হলৰ সৈতে আঘাতপ্ৰাপ্ত হৈছিল কেমেৰামেনজন। নেটৱৰ্কে মঙলবাৰে পুৱা বিবৃতিত কেমেৰামেন পিয়েৰ জাকাৰজেৱস্কিৰ মৃত্যুৰ কথা ঘোষণা কৰিছে।