তিতাবৰঃ তিতাবৰ জালুকনিবাৰী কুণ্ডাৰ গাওঁত পাপু বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত তেওঁৰ বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যায়। পাপু বৰাৰ ঘৰত বিদ্যুত বিজুতি ঘটি এই অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে। অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে তেওঁৰ ঘৰটো যাহ যোৱাত সৰ্বস্ব হেৰুৱাই মুৰে কপালে হাত দিয়া পাপু বৰাক সহায়ৰ হাত বঢ়াইছে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থাই। আজি সন্থাৰ বিষয়ববীয়াসকলে পৰিয়াল কাষত উপস্থিত হৈ খৱৰ লোৱাৰ লগতে নিত্যব্যৱহাৰ্য্য সামগ্ৰীও প্ৰদান কৰে।