May 25, 2022, 12:17 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

আৰিয়ানৰ ড্ৰাগছ গোচৰৰ মুখ্য সাক্ষী প্ৰভাকৰ ছেইলৰ হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু

Reporter Name
  • Update Time : Saturday, April 2, 2022
  • 45 Time View

বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ সেৱন-ব্যৱসায় কাণ্ডৰ অন্যতম সাক্ষী প্ৰভাকৰ ছেইলৰ হঠাতে মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ ড্ৰাগছৰ গোচৰৰ সাক্ষী প্ৰভাকৰ ছেইলৰ হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু হয়। প্ৰভাকৰৰ অধিবক্তা তুষাৰ খাণ্ডাৰে কয় যে শুকুৰবাৰে মুম্বাইৰ চেম্বুৰৰ মাহুল অঞ্চলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটি প্ৰভাকৰ ছেইলৰ৷ কেইমাহমান পূৰ্বে দেশ জোকাৰি যোৱা আৰিয়ান খান ড্ৰাগছ কাণ্ডত নাম সাঙোৰ খাইছিল প্ৰভাকৰ ছেইলৰ৷ ক্ৰুজত ড্ৰাগছ সেৱন আৰু ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগত আৰিয়ানক গ্ৰেপ্তাৰৰ সময়ত উপস্থিত থকা প্ৰভাকৰ ছেইল নাৰ্কোটিক কণ্ট্ৰোল ব্যূৰৰ মুখ্য সাক্ষী আছিল৷ কিন্তু পিছত ভাষ্য সলনি কৰিছিল ছেইলে৷ মুম্বাইৰ বিলাসী ক্ৰুজ কাণ্ডত আৰিয়ানৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ বাবে এনচিবিয়ে ধন দিয়া বুলি অভিযোগ আনিছিল ছেইলে। এনিচিবিৰ তদন্তকাৰী বিষয়া সমীৰ ৱাংখেড়ে গোচাভিক ফোনত প্ৰস্তাৱ দিয়া বুলি প্ৰভাকৰে অভিযোগ কৰিছিল। তদুপৰি, প্ৰভাকৰে অভিযোগ কৰিছিল যে গোচাভি আৰু গোচৰৰ আন এগৰাকী সাক্ষী চেম ডিচুজাক কামত লগাই সমীৰে শ্বাহৰুখৰ পৰা ২৫ কোটি টকা আদায়ৰ ষড়যন্ত্ৰ কৰিছিল৷ ধনৰ বিনিময়ত আৰিয়ানৰ বিৰুদ্ধে অভিযোগ হ্ৰাস কৰাৰ প্ৰস্তাৱলৈ শ্বাহৰুখৰ মেনেজাৰ পূজা দেডলানিৰ সৈতে গোচাভিয়ে সাক্ষাৎ কৰিছিল বুলিও দাবী কৰিছিল প্ৰভাকৰে। আনহাতে, সমীৰে ৱাংখেড়ে জোৰ কৰি উকা কাগজত স্বাক্ষৰ কৰাইছিল বুলিও আদালতত প্ৰভাকৰে শপতনামা দিছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে