কামপুৰঃ ৰাজ্যত ক’ৰোনা মহামাৰীয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা একাংশ লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাবেই আশংকা বৃদ্ধি পাইছে জিলাখনত। এনে শংকাৰ মাজতে দেওবাৰে ক’ৰোনাত আক্ৰান্ত হৈছে জিলাখনৰ কচুৱা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মজিবুৰ ৰহমান আৰু থানাখনৰ গাড়ী চালক জাকাৰিয়া হুছেইন আহমেদ৷ জানিব পৰা মতে, ২৫ জুনত তেওলোকৰ স্বাৱ সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে কিন্তু ১০ দিন পাছত ৰিপ’ৰ্ট পজিটিভ অহাত আশংকাত ভুগিছে এতিয়া স্থানীয় ৰাইজ। উল্লেখ্য, কচুৱা আৰক্ষী থানাৰ দুজনকৈ লোক ক’ৰোনাত আক্ৰান্ত হোৱাত জিলা প্ৰশাসনে ইতিমধ্যে কচুৱা আৰক্ষী থানাক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।