February 9, 2023, 2:20 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

আৰক্ষীক প্ৰহাৰৰ অভিযোগত বাইক আৰোহী বিকি প্ৰসাদ গুপ্তাকো গ্ৰেপ্তাৰ, কাৰাগাৰলৈ প্ৰেৰণ

Reporter Name
  • Update Time : Saturday, March 19, 2022
  • 120 Time View

আৰক্ষীক প্ৰহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ বাইক আৰোহীক। বিকি প্ৰসাদ গুপ্তাক গ্ৰেপ্তাপ কৰি জেললৈ প্ৰেৰণ৷ গুৱাহাটীৰ পল্টন বজাৰৰ বিশাল মেগামাৰ্টৰ সন্মুখত আৰক্ষী আৰু বাইক আৰোহীৰ মাজত সংঘটিত হতাহতি কাণ্ডৰ নতুন মোৰ৷ বাইক আৰোহীক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ৷ আৰক্ষীক প্ৰহাৰৰ অভিযোগত বিকি প্ৰসাদ গুপ্তাক গ্ৰেপ্তাৰ কৰা হয়৷ কণমানি সন্তান, পত্নীৰ সন্মুখত আৰক্ষীৰে হতাহতি কাণ্ডত গ্ৰেপ্তাৰ৷ গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ আৰক্ষী থানা এলেকাৰ পল্টন বজাৰত কনিষ্টবলে পত্নী-সন্তান বাইকত থকাৰ সময়তে আৰোহীক মাৰধৰ কৰাৰ এইটো ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ চা্চল্যৰ সৃষ্টি হয়৷ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সময়ত কণমানি সন্তান আৰু পত্নী বাইকত বহি আছিল। আৰক্ষীয়ে লোকজনক প্ৰহাৰৰ সময়ত কণমানি আৰু পত্নীসহ বাইক বাগৰি পৰিছিল যদিও দুয়ো ৰক্ষা পৰে৷ ৰাজ্যত আৰক্ষীৰ গুণ্ডাগিৰী কৰাৰ অভিযোগ উত্থাপন কৰি ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনাই বিভিন্নজনে৷ ছ’চিয়েল মিডিয়াত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ সময়তে অভিযুক্ত আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন কৰা হয়৷ শুকুৰবাৰে হঠাতে তীব্ৰ তালাচী চলাই থকাৰ সময়তে আৰক্ষী আৰু বিকি প্ৰসাদ গুপ্তা নামৰ আৰোহীৰে হতাহতিৰ সৃষ্টি হয়। বাইক আৰোহীক প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলজনে। বাইক আৰোহীও আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল। এগৰাকী মহিলা আৰু এটি কণমানি শিশুও আছিল বাইকখনত। আৰক্ষী আৰু আৰোহীজনৰ প্ৰথম অৱস্থাত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল যদিও পিছলৈ মাৰপিটৰ ৰূপ লয়। আৰক্ষী কনিষ্টবলজনে প্ৰহাৰ কৰে বাইকৰ ওপৰত উঠি থকা লোকজনক। ফলত বাইকৰ পৰা বাগৰি পৰে কণমানি শিশুৰ লগতে বাইকখনত থকা মহিলাগৰাকী। জানিব পৰে মতে, বাইক আৰোহীজনে ৰাস্তা কিছু সময় ব্লক কৰি ৰাখিছিল। যান-বাহন আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদৰ শেহতীয়াকৈ ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে