January 30, 2023, 7:35 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

আৰএছএছৰ দৰ্শন ৰূপায়ণৰ বাবেই হিন্দী জাপি দিয়াৰ সিদ্ধান্তঃ চিপিআইএম

Reporter Name
  • Update Time : Saturday, April 9, 2022
  • 44 Time View

গুৱাহাটীঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দী ভাষা বাধ্যতামূলক সন্দৰ্ভত সৃষ্টি হোৱাৰ বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চি.পি.আই.এমৰ অসম ৰাজ্যিক সমিতিয়ে৷ আৰএছএছৰ দৰ্শন ৰূপায়ণৰ বাবেই হিন্দী জাপি দিয়াৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ আনে চিপিআইএমে৷ এক বিবৃতি যোগে চি.পি.আই.এমৰ অসম ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয় যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে চিপিআইএমৰ ৰাজ্যিক সমিতিয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্য আৰু বৈশিষ্ট্যক ধ্বংস কৰি একভাষিক দেশ গঢ়ি তোলাৰ যি দৃষ্টিভংগী বিজেপিয়ে অনুসৰণ কৰি আহিছে তাৰ অংশ হিচাপেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই নীতি ঘোষণা কৰিছে বুলি কয় বাওঁ দলটোৱে। বাঁওপন্থী দলসমূহে দীৰ্ঘদিন ধৰি এইকথা উনুকিয়াই আহিছে যে বিজেপিক পৰিচালিত কৰা আৰএছএছৰ শ্ল’গানেই হ’ল ‘হিন্দী, হিন্দু, হিন্দুস্তান’। অৰ্থাৎ সমগ্ৰ দেশক কেৱল হিন্দী আৰু হিন্দুৰ দেশ হিচাপেই গঢ় দিয়া হ’ব। তাৰেই অংশ হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হিন্দী জাপি দিয়া তথা বাধ্যতামূলক কৰাৰ এই সিদ্ধান্ত। বিজেপি চৰকাৰে আম্বানি, আদানিৰ হাতত সমগ্ৰ দেশৰ অৰ্থনীতি সমৰ্পণ কৰাৰ নীতি অনুসৰণ কৰি আহিছে। একচেটিয়া পুঁজিপতিসকলে এখন অখণ্ড বজাৰৰ স্বাৰ্থতে এটা ভাষা সৰ্বত্ৰ প্ৰচলন কৰিব বিচাৰে। সেয়ে আৰএছএছৰ দৰ্শনৰ ৰূপায়ণ আৰু একচেটিয়া পুঁজিপতিৰ স্বাৰ্থ পূৰণৰ বাবেই বিজেপি চৰকাৰে হিন্দী ভাষা জাপি দি উত্তৰ-পূৰ্বাঞ্চলৰ সৰু-বৰ বিভিন্ন ভাষা-সংস্কৃতিক ধ্বংস কৰাৰ নীতি গ্ৰহণ কৰিছে। অমিত শ্বাহে ঘোষণা কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সৰ্বান্তঃকৰণে সমৰ্থন জনাইছে। এয়া অত্যন্ত লজ্জাজনক আৰু নিন্দনীয়। চিপিআইএমৰ ৰাজ্যিক সমিতিয়ে কেন্দ্ৰীয় চৰকাৰে হিন্দী বাধ্যতামূলক কৰাৰ বাবে লোৱা এই সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনাইছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে