আলফাই আলোচনাপন্থী পক্ষই আজি ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ আলফাৰ আলোচনাপন্থী গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, মৃণাল হাজৰিকা, মহিলা নেত্ৰী তথা কবি কাবেৰী কছাৰীসহ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস পালন কৰে৷ শিৱসাগৰৰ লাকুৱাস্থিত অসম নিৰ্মাণ কেন্দ্ৰত আলোচনা পন্থী আলফা নেতাসকলৰ উপস্থিতিত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰি শ্বহীদ দিৱস পালন কৰাৰ লগতে আলফাৰ কেডাৰসকলে আলফাৰ পৰম্পৰাগত ইউনিফৰ্ম পিন্ধি বিশেষভাৱে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখ্য যে, স্বাধীন অসমৰ দাবীক সাৰোগত কৰি ১৯৭৯ৰ ০৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰিছিল আলফাই৷ বিগত ৪৩ বছৰে একাংশ যুৱকে ঘৰ এৰি হাতত অস্ত্ৰ লৈ আৰু জংঘলত থাকি ভাৰত চৰকাৰৰ বিৰুদ্ধে স্বাধীনতাৰ দাবীত সংগ্ৰাম কৰি গৈছে৷ হাজাৰ হাজাৰ যুৱকৰ সেনাৰ গুলীত প্ৰাণ যোৱাৰ লগতে বহু বোৱাৰীৰ কঁপাল উকা হোৱাৰ লগতে মাতৃৰ বুকু উদং হৈছে৷ তাৰ মাজতে আলোচনাৰ মাজলৈ আহিছে আলফাৰ এটা গোট৷ প্ৰায় খিনি নেতা আলোচনাৰ মজিয়ালৈ আহি অস্ত্ৰ বিৰতি ঘোষণা কৰিছে৷ বিদ্ৰোহী আলফা নেতাই যোৱা ১০ বছৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনা কৰিছে যদিও কোনো ফলপ্ৰসূ পথ ওলোৱা নাই। কংগ্ৰেছৰ চৰকাৰৰ দিনতে জংঘলৰ পৰা ওলাই অহা বিদ্ৰোহী নেতাসকল কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাৰ মাধ্যমেৰে দাবীসমূহ পূৰণৰ বাবে আলোচনাৰ পিছত আলোচনা কৰিছে যদিও পথ হ’লে ওলোৱা নাই৷ বিজেপি চৰকাৰৰ সৈতে আলোচনা হৈ আহিছে যদিও আলোচনাপন্থীসকল সুখী নহয়। ২৮নং আলফা বেটেলিয়ানৰ কামাণ্ডাৰ পূৰ্বতে মৃণাল হাজৰিকা, সাধাৰণ সম্পাদক অনুপ চেতিয়াই কেন্দ্ৰীয় চৰকাৰে আলোচনাক গুৰুত্ব নিদিয়াত তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ আজি প্ৰতিষ্ঠা দিৱসত কয় যে শান্তি আলোচনাৰ বাবে অস্ত্ৰ বিৰতি ঘোষণা কৰিছিলো। চৰকাৰে আলোচনাৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই৷ আলফাৰ সমস্যা কেন্দ্ৰীয় চৰকাৰে জীয়াই ৰাখিব বিচাৰিছে। আলোচনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি অনুপ চেতিয়াই কয় যে ২০১৫ চনৰ ডিচেম্বৰ মাহত মই আহিছিলো৷ তাৰ পিছৰে পৰা চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে আলোচনা হৈছে যদিও প্ৰধান মন্ত্ৰী অথবা গৃহ মন্ত্ৰীৰ সৈতে কোনোধৰণৰ আলোচনা বৰ্তমান পৰ্যন্ত হোৱা নাই। এই কথাই আলফাৰ নেতৃত্বক নিৰাশ কৰিছে বুলি কয় চেতিয়াই। অনুপ চেতিয়াই আৰু কয় যে আমি আশা কৰিছিলো যে চৰকাৰে আমাৰ সমস্যাসমূহ সমাধান কৰিব তথা দাবীসমূহ পূৰণ কৰিব৷ কিয়নো দলসমূহে নিৰ্বাচনৰ সময়ত এই কথাবোৰ প্ৰকাশ কৰিছিল। কিন্তু বৰ্তমানৰ চৰকাৰৰ স্থিতিয়ে আমাক নিৰাশ কৰিছে। বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি থকা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী দুটা বভাগত বিভক্ত হলেও দুয়োটা গোটে সংগ্ৰাম অব্যাহত ৰাখিছে৷ ৪৩ বছৰত ভৰি দি ইতিহাস সৃষ্টি কৰা সংযুক্ত মুক্তি বাহিনী অসম আৰু সংযুক্ত মুক্তি বাহিনী স্বাধীনে শনিবাৰে ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস দুয়োটা গোটে পালন কৰা বুলি খবৰ আহিছে৷ আনহাতে, আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ অসমৰ উপস্থিতিত ম্যানমাৰৰ শিবিৰত প্ৰতিষ্ঠা দিৱস পালন কৰা বুলি জানিব পৰা গৈছে।