ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ বাবে শাসকীয় ৰিপাব্লিকান দলৰ পৰা দলীয় মনোনয়ন সংগ্ৰহ কৰিলে ডনাল্ড ট্ৰাম্পে৷ প্ৰথম কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সাধাৰণ নিৰ্বাচন৷
বৃহস্পতিবাৰে মনোনয়ন সংগ্ৰহ কৰাৰ সময়ত ‘আমেৰিকান ড্ৰিম’ শীৰ্ষক ভাষণ প্ৰদান কৰে ট্ৰাম্পে৷ শাসকীয় ৰিপাব্লিকান দলৰ নিৰ্বাচনী সমাবেশত ৩০ মিনিট ধৰি দিয়া ভাষণত ট্ৰাম্পে জ’ বিদেনক তীব্ৰ সমালোচনা কৰে আৰু দলৰ সভাপতিৰ পৰা মনোনয়ন সংগ্ৰহ কৰে৷ এই অনুষ্ঠানত দলৰ সকলো জ্যেষ্ঠ নেতা উপস্থিত আছিল৷