March 31, 2023, 5:56 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

আমেৰিকাত কৃষ্ণাংগ হত্যাৰ প্ৰতিবাদ অব্যাহত, ৪০০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

Reporter Name
  • Update Time : Tuesday, June 2, 2020
  • 149 Time View

নিউয়ৰ্কঃ আফ্ৰিকান-আমেৰিকান জৰ্জ ফ্লয়েডৰ মৃত্যুত সমগ্ৰ আমেৰিকাতে তুংগত উঠিছে প্ৰতিবাদ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৪০০০ৰো অধিক প্ৰতিবাদকাৰী। বিক্ষোভকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে ৰবৰৰ বুলেটৰ লগতে কন্দুৱা গেছো প্ৰয়োগ কৰিছে। ইমানৰ পিছতো দেশখনত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ।

চিএনএনত প্ৰকাশিত বাতৰি অনুযায়ী কৃষ্ণাংগ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত প্ৰথম গ্ৰেপ্তাৰ হয় ২৬ মে’ত। ইয়াৰ পিছত যোৱা ৫ দিন ধৰি দেশখনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ সহস্ৰাধিকক। কিন্তু এই পৰ্যন্ত বিষয়টোক লৈ মৌন হৈ ৰৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। কৃষ্ণাংগ লোক এজনক বৰ্বৰভাৱে হত্যা কৰা কাৰ্যক নিন্দা জনোৱাতো দূৰৰে কথা, এই লৈ ৰাষ্ট্ৰপতিগৰাকীৰ মুখত শুনা যোৱা হোৱা নাই এটাও বাক্য। 

প্ৰকাশিত বাতৰি অনুযায়ী যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ সমুখত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ইয়াৰ পিছতে কিছু সময়ৰ বাবে ভূগৰ্ভস্থিত বাংকাৰত আশ্ৰয় লয় ৰাষ্ট্ৰপতিগৰাকীয়ে। দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ উক্ত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰে। 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে