February 1, 2023, 1:38 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

আমেৰিকাতে হ’ব নিৰ্বাচন, ২০ বছৰলৈ ক’ৰোনা থাকিব পাৰে, সেইবুলি নিৰ্বাচন নাপাতিব নেকিঃ হাগ্ৰামা

Reporter Name
  • Update Time : Wednesday, September 23, 2020
  • 165 Time View

কোকৰাঝাৰঃ ছয়মহীয়া ৰাজ্যপালৰ শাসনৰ ম্যাদ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ অহা ২৭ অক্টোবৰৰ পূৰ্বেই বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰক৷ অহা এবছৰ, ১০ বছৰ বা ২০ বছৰলৈকে কৰোনা থাকিব পাৰে, কৰোনা বেমাৰটো শেষ হৈ নাযায়। কৰোনা বেমাৰৰ বাবেই যে নিৰ্বাচন অনুষ্ঠিত নহব তাৰ কোনো যুক্তি কোনো যুক্তি নাই। প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ কৰি হলেও বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব৷ এই দাবী উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

আজি কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ উল্টাপানীত অৰ্থাৎ নিজ গৃহ সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ ২৭ অক্টোবৰৰ পূৰ্বেই বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপাল শাসনৰ সময়ছোৱাত বিটিচিৰ উন্নয়ন স্তব্ধ হৈ পৰিছে আৰু কোনো কাম হোৱা নাই বুলি উল্লেখ কৰে।

ৰাজ্যপাল শাসনৰ ম্যাদ পুণৰাই ছমাহৰ বাবে বৃদ্ধি হলে বিটিচি শেষ হৈ যাব বুলিও মহিলাৰীয়ে মন্তব্য কৰে। তেওঁ নিজেই দুই এদিনতে মুখ্যমন্ত্ৰীক লগ ধৰি বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হ’ব বুলি মন্তব্য কৰি মহিলাৰীয়ে কৰোনাৰ মাজতে আমেৰিকাত নিৰ্বাচনৰ যো জা চলিছে আৰু ভাৰতৰ মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি বুলি মন্তব্য কৰি ক’ৰোনাৰ সাৱধানমূলক ব্যৱস্থা গ্ৰহণ কৰি হলেও বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে।

ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ ঘোৰ বিৰোধিতা কৰি মহিলাৰীয়ে ক’ৰোনাৰ দোহাই দি নিৰ্বাচন অনুষ্ঠিত নকৰা কাৰ্যক গৰিহণা দিয়ে। আনহাতে বিটিআৰ চুক্তি ৰূপায়ন সন্দৰ্ভত প্ৰমোদ বড়োহে জানিব বুলি উল্লেখ কৰি এনডিএফবি সকলোৰ আত্মসংস্থাপনৰ বাবে প্ৰমোদ বড়োই এবাৰো মাত মতা নাই বুলি মহিলাৰীয়ে মন্তব্য কৰিছে। বিটিআৰ চুক্তিৰ বাবে ৰঞ্জন দৈমাৰীক মাথো কেইদিনমানৰ বাবে জেলৰ বাহিৰলৈ উলিয়াই আনি এতিয়া আকৌ জেলত ভৰাই থোৱাটো ৰাইজে ভাল পোৱা নাই বুলি উল্লেখ কৰিছে মহিলাৰীয়ে।

উল্লেখ্যে যে, আজি বড়ো সাহিত্য, আবৌফ, বড়ো সমাজ আৰু পিডিএমবিকে ধৰি কেবাটাও সংগঠনে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু উক্ত দলসমুহলৈ মহিলাৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। প্ৰণিধানযোগ্য যে কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী উল্টাপানীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কেইবাশতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাত হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলৰ স্থিতি অতি মজবুত আৰু বিপিএফ দলেই বিটিচিত চৰকাৰ গঠন কৰিব বুলি স্পষ্ট কৰি দিয়ে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে