পংকজ নাথঃ আমিনগাঁৱত কামৰূপ প্ৰশাসন আৰু উত্তৰ কামৰূপ বন বিভাগে বিশ্ব পৰিবেশ দিৱস পালন কৰে। আমিনগাঁৱত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ উপস্থিতিত আমিনগাঁৱৰ বায়’টেক পাৰ্কত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। গছপুলি ৰোপণ কৰি বসুন্ধৰা কুতুম্ব বাণীৰে সকলোকে অনুপ্ৰাণিত হ’বলৈ আহ্বান ৰাজ্যপাল মুখীয়ে। বিশ্বত ভয়াবহভাৱে বৃদ্ধি হোৱা গোলকীয় উষ্ণতা ৰোধৰ বাবে বছৰৰ প্ৰতিটো দিনতে পৰিবেশ দিৱস উদযাপন কৰিবলৈ আহ্বান জনাই ৰাজ্যপাল গৰাকীয়ে। প্ৰদূষণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰাজ্যপালে কয় যে পৰিবেশ ৰক্ষাৰ হকে সকলোকে হাতে হাত ধৰি আগুৱাই যাবলৈ আহ্বান জনায়। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিবেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে বুলিও ৰাজ্যপালে সদৰি কৰে। অনুষ্ঠানত উপস্থিত থাকি বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই হাতী-মানুহৰ সংঘাত আৰু বান্দৰ-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰাৰ চিন্তা চৰ্চা বন বিভাগে কৰি আছে বুলি জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমিনগাঁৱতো কামৰূপ জিলা প্ৰশাসন আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৰাজ্যপাল জগদীশ মুখী উপস্থিতি থকা অনুষ্ঠানটোত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী চানিদেউ চৌধুৰী উপস্থিত থাকে।