পংকজ নাথঃ কামৰূপ জিলাৰ আমিনগাঁওস্থিত উদ্যোগিক প্ৰতিষ্ঠানসমূহে প্ৰায়ে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ খবৰ প্ৰকাশ পায়। একাংশ উদ্যোগিক প্ৰতিষ্ঠানে গ্ৰাহক তথা ব্যৱসায়ীক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগৰ মাজতে এইবাৰ সাংবাদিকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এম এছ এক্সেল ষ্টীল নামৰ প্ৰতিষ্ঠানে সাংবাদিকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আহি পৰিছে। টিনপাত প্ৰস্তুতকাৰী ব্যৱসায়ীক প্ৰতিষ্ঠানে টিনপাত ক্ৰয় কৰি প্ৰৱঞ্চনাৰ সন্মুখীন হয় দুই সাংবাদিকে। এদিন পূৰ্বে প্ৰতিষ্ঠানত টিনপাত বুকিং কৰি ধন পৰিশোধ কৰে দুই সাংবাদিকে। এম এছ এক্সেল ষ্টীলৰ মেনেজাৰক ধন পৰিশোধ ৰচিদ খোজাত ৰচিদ নিদি আহিলেই হ’ল বুলি কলে মেনেজাৰে। পিছে টিনপাত লবলৈ আহি চকু কপালত উঠিল সাংবাদিকৰ। পোন্ধৰখন টিনপাতৰ বিপৰীতে নখন টিনৰ ধন জমা কৰা বুলিহে কয়। ইমানেই নহয়, এই বিষয়ে প্ৰশ্ন কৰাত প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে সাংবাদিক দুজনক মাৰিবলৈ উদ্যত হয়। এম এছ এক্সেল ষ্টীল নামৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ্ৰাহকৰ দীৰ্ঘদিনৰ পৰাই প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বহু ব্যবসায়ীক ৰাম ঠগন দি অহা এম এছ এক্সেল ষ্টীলৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ শীৰ্ষ মহলকো অৱগত কৰা হৈছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত তৎপৰ নোহোৱা বুলি অভিযোগ উত্থাপিত হৈছে। বহিৰাগত মালিকাধীন প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে সাংবাদিকক এনেদেৰে দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ ক’ত পালে লগতে কামৰূপ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছতো ঘটনাস্থলীত কিয় উপস্থিত নহল, ইয়াক লৈ প্ৰশ্ন উদয় হৈছে?