আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ ধোদৰ আলিৰ ওপৰত থকা ঐতিহ্যমণ্ডিত নামতি পুলৰ জৰাজীর্ণ অৱস্থাই বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাইছে ৰাইজক। গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে এতিয়া আহোম যুগৰ স্মৃতিবিজড়িত আমগুৰিৰ এই ঐতিহ্যমণ্ডিত নামতি পুলটো জহি খহি যাবলৈ ধৰিছে।
নামতি পুলটোৰ জৰাজীর্ণ ৰূপত অতিষ্ট হৈ বিভিন্ন সময়ত স্থানীয় দল-সংগঠনে প্রতিবাদী কার্যসূচী গ্ৰহণ কৰাত চৰকাৰে নামতি পুলটোৰ কাষতে নামতি নৈৰ ওপৰত এখন পকী দলং নির্মাণ বাবে ২০১৫ চনতে কোটি টকা অনুদান দিছিল যদিও বিগত প্ৰায় ৬ বছৰে ঠিকাদাৰে নির্মাণৰ কাম সম্পূর্ণ কৰিব নোৱাৰিলে।
বৰ্তমানলৈকে কেইবাটাও সৰু-বৰ দুর্ঘটনা সংঘটিত হৈছে যদিও যিকোনো মুহূৰ্ততে পুলটো ভাগি ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। কিয়নো এই পুলটোৱেদি ৬ টনতকৈ অধিক গধূৰ যান-বাহনৰ চলাচল নিষেধ বুলি গড়কাপ্তানী বিভাগে এখন ফলক লগাই থৈছে ঠিকেই কিন্তু সেই নিৰ্দেশ অমান্য কৰি দৈনিক শ শ অএনজিচিৰ গধূৰ বাহনৰ সমান্তৰালকৈ শিল, বালি, কয়লা, চাহপাত আদি ট্রাক ভৰ্ত্তি বাহন চলাচল কৰে।
সেয়েহে এক কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা পকী দলংখন ঠিকাদাৰৰ হেমাহিৰ বাবে ২০১৫ চনৰ পৰা আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাৰ বাবে এতিয়া গৰজি উঠিছে টাই আহোম যুৱ পৰিষদৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতি। সংগঠন দুটাই অহা ১৫ দিনৰ ভিতৰত যদি দলংখনৰ কাম আৰম্ভ নকৰি যাতায়ত অব্যাহত থাকে, তেন্তে ঐতিহাসিক নামতি পুলটো অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰখাৰ ভাবুকি প্ৰদান কৰিছে।