আমগুৰিৰ পৰা ৱাকিল আহমেদঃ আমগুৰিৰ জাঁজী জামুগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক৷ আমগুৰিৰ নামতি চাৰিআলি আদৰ্শ গাঁৱৰ অনিল গগৈৰ পুত্ৰ দুলেন গগৈ (২১) থিতাতে নিহত হয়৷ আনহাতে, আফতাবুল ৰহমান নামৰ এজন যুৱক গুৰুতৰভাৱে অহত হয়৷ জানিব পৰা মতে, যোৰহাটৰ পৰা গৃহলৈ মটৰচাইকেলেৰে গৈ থকা অৱস্থাত জাঁজী জামুগুৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা৷ নিহত দুলেন গগৈৰ মৃতদেহ নামতি চাৰিআলিৰ আদৰ্শ গাঁৱ স্বগৃহত আহি পুৱাৰ লগে লগেই এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ জাতি-ধৰ্ম নিৰ্বিশেষে শতাধিক লোক উপস্থিত হৈ দুলেন গগৈক শেষ শ্ৰদ্ধা জনায়৷