আমগুৰিঃ আমগুৰিৰ চিন্তামণিগড়ৰ পশু চিকিৎসা কেন্দ্ৰত চোৰৰ সন্ত্ৰাস চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিশা এন্ধাৰৰ সুযোগ লৈ চোৰে দুৱাৰৰ তলা ভাঙি কেন্দ্ৰটোত প্ৰবেশ কৰে আৰু ফেন খুলি নিয়ে৷ চুৰিৰ ঘটনা সন্দৰ্ভত পশু চিকিৎসা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই গৌৰিসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ পশু চিকিৎসা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসকজনে স্থানীয় ৰাইজ সজাগ আৰু সচেতন নহলে অতি সোনকালে পশু চিকিৎসা কেন্দ্ৰ ধ্বংসৰ গৰাহলৈ গতি কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ একাংশ কাণ্ডজ্ঞানহীন লোকে পশু চিকিৎসা কেন্দ্ৰৰ বাৰাণ্ডাত জুৱাৰ আড্ডা পাতি বেৰত পিক পেলাই এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰা দেখা যায়৷