আপ চৰকাৰ গঠনৰ পূৰ্বেই পঞ্জাৱত এজন খেলুৱৈক গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পাঞ্জাৱৰ কাবাডী খেলুৱৈ সন্দীপ নাংগলক মালিয়ানত অচিনাক্ত লোকে গুলীয়াই হত্যা কৰে৷ এখন খেল চলি থকাৰ সময়ত চাৰিজন লোক এখন গাড়ীত আহি নিচেই ওচৰৰ পৰা গুলীয়াই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত অধিক বিৱৰণ দিব পাৰিব বুলি কয় জলন্ধৰৰ এছএছপি সতীন্দৰ সিঙে৷
শ্বাহকোটৰ মালিয়ান কালান গাঁৱত এখন কাবাডী প্ৰতিযোগিতা চলি থকাৰ সময়তে আন্তৰ্জাতিক কাবাডী খেলুৱৈ সন্দীপ নাংগলক পঞ্জাৱৰ জলন্ধৰত চাৰিজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে৷
সন্দীপ প্ৰতিযোগিতাস্থলীৰ পৰা ওলাই অহাৰ সময়ত চাৰিজন অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীচালনা কৰিছিল৷ সন্দেহ কৰা মতে, সন্দীপৰ ওপৰত আঠৰ পৰা দহ ৰাউণ্ড গুলী চালনা কৰা হৈছিল।
উপ আৰক্ষী অধীক্ষকে কয় যে ঘটনাস্থলীৰ পৰা ১০টা খালী গুলীৰ কাৰ্টিজ পোৱা গৈছে। সন্দীপক গুলী লগাৰ পিছতে নাকোদাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁক মৃত ঘোষণা কৰে।
৪০ বছৰীয়া কাবাডী খেলুৱৈজন শ্বাহকোটৰ নাংগল আম্বিয়ান গাঁৱৰ বাসিন্দা। পৰিয়ালৰ সৈতে ইংলেণ্ডত বাস কৰিছিল আৰু সন্দীপে গাঁওখনত কাবাডী টুৰ্ণামেণ্ট আয়োজন কৰিছিল।