March 25, 2023, 9:32 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

‘আপে’ কথাৰে নহয় কামেৰে পৰিচয় দিয়ে, কাৰ্বি আংলংত ‘আপ’ৰ নিৰ্বাচনী তৎপৰতা

Reporter Name
  • Update Time : Friday, September 4, 2020
  • 142 Time View

বোকাজানঃ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰাৰ কৌশল প্ৰস্তুত কৰি থকা পৰিলক্ষিত হৈছে৷ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন কেন্দ্ৰীয় শাসিত দিল্লী ৰাজ্যৰ শাসকীয় দল আম আদমী পাৰ্টীও বহি থকা নাই৷ এক বিকল্প নীতি-আদৰ্শেৰে অসমতো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰমুক্ত উন্নয়নমুখী এখন সুস্থ চৰকাৰ গঠন কৰাৰ আশ্বাস প্ৰদান কৰি ৰাজ্যখনত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা কৰিছে ‘আপে’। এই উদ্দেশ্যে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাৰ নেতৃত্বত এটা অভিজ্ঞ দলে অসমত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা আৰম্ভ কৰিছে।

পাহাৰীয়া জিলা কাৰ্বি আংলঙতো প্ৰৱেশ কৰিছে আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীৰ জিলা সভাপতি মিণ্টু পাটৰ আৰু সাধাৰণ সম্পাদক কাৰ্তিক বে’ৰ নেতৃত্বত বৃহস্পতিবাৰে ডিফুৰ ৬ কিলোত পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ সভাত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষকৰ লগতে আন কেইবাগৰাকীও ৰাজ্যিক নেতা উপস্থিত থাকে। কাৰ্বি আংলংৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলৰ কৰ্মী তথা সমৰ্থকসকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অতিথিসকলক উষ্ম আদৰণি জনায়৷

দলীয় কৰ্মীক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাই আম আদমী পাৰ্টীৰ নীতি-আদৰ্শেৰে অসমত তথা কাৰ্বি আংলংত এখন উন্নয়ণমুখী তথা দৰিদ্ৰ জনসাধাৰণৰ কল্যাণকামী চৰকাৰ গঠন কৰাৰ বাবে মত পোষণ কৰে৷ অসমত দিল্লীৰ দৰে বিনামূলীয়া বিজুলী, পানী, শিক্ষা, মহিলাক সুৰক্ষা দিব পৰা এখন সুস্থ চৰকাৰ গঠন কৰিবলৈ কৰ্মীসকলক আম আদমী পাৰ্টীৰ নীতি-আদৰ্শ সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায়৷

আম আদমী পাৰ্টীয়ে কথাৰে নহয় কামেৰে পৰিচয় দিয়ে বুলি কৈ অসমৰ সৰু-বৰ দলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে। আনহাতে আম আদমী পাৰ্টীৰ ছ’চিয়েল মিডিয়াৰ ইনচাৰ্জ লক্ষ্মীকান্ত ডুবে আৰু কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰে আম আদমী পাৰ্টীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ১২৬টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে যোগ্য নেতা বাচনিৰ প্ৰক্ৰিয়া চলি আছে বুলি কয়।

আম আদমী পাৰ্টীয়ে জাত-পাত, ধৰ্মৰ ৰাজনীতিৰ পৰিৱৰ্তে কেৱল উন্নয়ণৰ ৰাজনীতিৰে কাৰ্বি আংলংতো দুৰ্নীতি-ভ্ৰষ্টাচাৰমুক্ত এখন চৰকাৰ গঠন কৰাই দলৰ লক্ষ্য তথা উদ্দেশ্য বুলিও কয় নেতা দুগৰাকীয়ে৷ আনহাতে সভাৰ মাজতে ৰাষ্ট্ৰীয় নিৰিক্ষকজনে কৰ্মীসকলক গাঁৱে-ভূঁঞে প্ৰৱেশ কৰি দলৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে ক’ৰোনাকালত ৰাইজৰ স্বাস্থ্যৰ বুজ লবলৈ কেইবাটাও অক্সিমিটাৰ প্ৰদান কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে