লংকাৰ কাকীৰ দুই ভাতৃ-ভগ্নীৰ সফলতাত আবেগিক হৈ পৰিছে ওচৰ-চুবুৰীয়া৷ কাকী ৬নং গাঁৱৰ জয়ন্ত হাজৰিকা আৰু ভগ্নী বৰ্ষা হাজৰিকাই অসম আৰক্ষীৰ আজি ঘোষিত ফলাফলত কনিষ্টবল হিচাপে চাকৰি লাভ কৰে৷ পেছাত গাড়ী চালক জয়ন্তই আনৰ গাড়ী চলাই নিজৰ লগতে নিজৰ ভগ্নী বৰ্ষাৰ পঢ়াশুনাৰ লগতে চাকৰি বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ বাবে সকলো খিনি কৰি গৈছিল৷ পিতৃহাৰা দুই ভাতৃ-ভগ্নীৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছিল জ্যেষ্ঠ ভাতৃ দ্বীপ হাজৰিকাই৷ দ্বীপ হাজৰিকাই গাড়ী চালক আৰু আনৰ ঘৰত কাম কৰি দুই ভাতৃ-ভগ্নীক পঢ়াইছিল৷ জয়ন্ত আৰু বৰ্ষাৰ মাতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি দুই সন্তানক মানুহ কৰাৰ সপোন দেখিছিল৷ চৰকাৰে নিকা স্বচ্ছভাৱে আৰক্ষী কনিষ্টবলৰ বাছনি প্ৰক্ৰিয়া কৰাত অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা সন্তানে চাকৰি লাভ কৰাত স্থানীয় ৰাইজে চৰকাৰৰ শলাগ লয়৷