পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ বিশ্ব ফিটনেছ ফেডাৰেচন আৰু বিশ্ব বডিবিল্ডিং ফেডাৰেচনে আয়োজন কৰা শৰীৰচৰ্চা প্ৰতিযোগিতাত অসমৰ প্ৰতিযোগিক অংশগ্ৰহণ কৰাত বিশেষ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে নলবাৰীৰ সন্তান তথা গুৱাহাটী মহানগৰৰ জ্যোতিনগৰ নিবাসী পৰাগ চৌধুৰীয়ে৷ পৰাগ চৌধুৰীৰ নেতৃত্বতে অসমৰ কেইবাগৰাকী যুৱকে বিশ্ব মঞ্চত সফলতা লাভ কৰিছে৷ পৰাগ চৌধুৰীৰ নেতৃত্বত অসম তথা ভাৰতবৰ্ষৰ অধিকসংখ্যক শৰীৰ চৰ্চাবিদে ইউৰোপ, এছিয়া মহাদেশৰ বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ অসম তথা ভাৰতবৰ্ষৰ বাবে মিষ্টাৰ ইউনিভাৰ্চ, মিষ্টাৰ এচিয়া, মিষ্টাৰ ৱৰ্ল্ডৰ দৰে খিতাপ অৰ্জন কৰি আহিছে৷ আছে অসম সন্তান মিষ্টাৰ গোলাপ ৰাভা, কুশল চাংমাই, দীপজ্যোতি বড়ো, মৃনাল ঠাকুৰীয়া, প্ৰসেনজিৎ কৰ্মকাৰ, মনজিত পল আদিয়ে খিতাপ অৰ্জন কৰিছে৷ পৰাগ চৌধুৰীৰ পৰিচালনাত অসম তথা পুৱ ভাৰতৰ শৰীৰচৰ্চাবিদসকলে আগন্তুক দিনত আৰু অধিক সংখ্যক আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰিব বুলি world fitness federation আৰু world body building federationৰ ৰাষ্ট্ৰীয় সভাপতি ললিত চোনীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৪৫ খন দেশক প্ৰতিনিধিত্ব কৰা দুয়ো সংস্থাই বছৰি ৬০ খন আন্তৰাষ্ট্ৰীয় শৰীৰচৰ্চাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷