ডিজিটেল ডেস্কঃ ক’ৰোনা মহামাৰীৰ সময়ত ঘোষণা কৰা লক-ডাউন শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আনলক-৪ ঘোষণা কৰিছে৷ কেন্দ্ৰীয় গৃহ বিভাগে ঘোষণা কৰা আনলক-৪ অহা ৩০ চেপ্তেম্বৰ পৰ্যন্ত বলৱৎ হৈ থাকিব৷
অহা চেপ্তেম্বৰৰ ৭ তাৰিখৰ পৰা দেশত চলাচল কৰিব মেট্ৰ ৰেল৷ গৃহ নিৰ্মাণ-নগৰ উন্নয়ন, ৰেলপথ মন্ত্ৰালয়, এইএইচএৰ পৰামৰ্শ মতে, ৭ চেপ্তেম্বৰৰ পৰা গ্ৰেড পদ্ধতিত মেট্ৰ চলাচল কৰিব৷ আনলক-৪ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নতুন নিৰ্দেশনা জাৰি কৰি মেট্ৰ সেৱা প্ৰণালীবদ্ধ ভাৱে সেৱা অহা ৭ চেপ্তেম্বৰৰ পৰা আৰম্ভ কৰিব পৰাৰ সংকেত দিয়ে৷ ইপিনে স্কুল, কলেজ ৩০ চেপ্তেম্বৰ পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত লয় চৰকাৰে৷ এই সময়ত অনলাইন ক্লাছৰ দ্বাৰা পাঠদান কৰিব লাগিব বুলি কয় চৰকাৰে।