নতুন দিল্লীঃ লকডাউনৰ চাৰিটাকৈ পৰ্যায়ৰ পিছত আজিৰে পৰা দেশত আৰম্ভ হৈছে আনলক-১। এই আনলক-১ৰ প্ৰথম দিনটোতে কৰ’না আক্ৰান্তৰ সংখ্যাই ৰচিছে আন এক অভিলেখ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই সদৰী কৰা মতে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৮ হাজাৰ ৩৩২ জন লোক।
নতুনকৈ ৮ সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ ফলত দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৯০ হাজাৰ ৫৩৫ জন। ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰতেই আক্ৰান্ত হৈছে ৬৫ হাজাৰৰো অধিক লোক। এনেদৰে ব্যাপক হাৰত হোৱা সংক্ৰমণৰ ফলত বিশ্বৰ প্ৰথম দহখন কৰ’না আক্ৰান্ত দেশৰ ভিতৰত সপ্তম স্থান পাইছে ভাৰতে।
চৰকাৰী তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত কৰ’নাত সমগ্ৰ দেশতে মৃত্যু হৈছে ২৩০ জনকৈ লোকৰ। দেশত ৰোগবিধত এতিয়ালৈকে মৃত্যু ঘটিছে ৫৩৯৪ জন ৰোগীৰ। অৱশ্যে ইয়াৰ মাজতে সুস্থ হৈ ঘৰলৈ উভতিছে ৮৬ হাজাৰ ৯৮৪ জন কৰ’না আক্ৰান্ত। সম্প্ৰতি দেশৰ ভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৯১ হাজাৰ ৮১৯ জন কৰ’না আক্ৰান্ত লোক।
ইফালে, অসমতো হোৰাহোৰে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত লোকৰ সংখ্যা। এই বাতৰি যুগুতোৱা পৰ্যন্ত ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈছে ১৩৮৪ জন লোক। আক্ৰান্তসকলৰ সৰহসংখ্যাকেই হৈছে বহিঃৰাজ্যৰ পৰা অহা অসমীয়া। বহিঃৰাজ্যত কৰ্মৰত এইসকল লোক অসমলৈ অহাৰ লগে লগে চৰকাৰী নিয়মৰ মাজেৰে কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখি টেষ্ট কৰোতে কৰ’না পজিটিভ ধৰা পৰিছে বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে।