ডিজিটেল ডেস্কঃ আদালত অৱমাননা গোচৰৰ দোষী দেশৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণৰ শাস্তিৰ ৰায়দান সংৰক্ষণ কৰিছে দেশৰ শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ে আদালত অৱমাননা-২০২০ গোচৰৰ দোষী প্ৰশান্ত ভূষণৰ শাস্তি ৰায়দানৰ ক্ষেত্ৰত অনুষ্ঠিত শুনানিকালত এটৰ্ণী জেনেৰেলৰ ৰায় বিচাৰে। এই ক্ষেত্ৰত এটৰ্ণী জেনেৰেলে মন্তব্য দি কয় যে প্ৰশান্ত ভূষণৰ টুইটে এই কথা প্ৰতিপন্ন কৰে যে ন্যায়িক ব্যৱস্থাত শুধৰণিৰ প্ৰয়োজন আছে। ইয়াৰ বাবে প্ৰশান্ত ভূষণক ক্ষমা কৰি দিব লাগে। এটৰ্ণী জেনেৰেলে আৰু কয় যে অধিবক্তা প্ৰশান্ত ভূষণে আদালতৰ বিৰুদ্ধে প্ৰদান কৰা মন্তব্য উভতাই ল’ব। এই কাৰণেই ভূষণক সাৱধান কৰি দি মুক্ত কৰিব লাগে।
ৰোমাঞ্চক কথা এই যে আদলতত প্ৰশান্ত ভূষণৰ অধিবক্তা ৰাজীৱ ধৱনক প্ৰশ্ন কৰি কয় যে আপুনি পৰামৰ্শ দিয়ক প্ৰশান্ত ভূষণক কি শাস্তি দিব লাগে? অধিবক্তা ধাৱনে কয় যে এটৰ্ণী জেনেৰেলে পৰামৰ্শ দিছে। ভূষণক সাৱধন কৰি দি গোচৰৰ পৰা মুক্ত কৰি দিব লাগে। মই এইটো পক্ষতে আছো। মই ইয়াকে বিচাৰে যে সাধাৰণ সাৱধানবাণীৰে ভূষণক মুক্ত কৰিব লাগে।
শুনানিৰ সময়ত আদালতে কয় যে সোমবাৰে ভূষণে আদালতত যি অতিৰিক্ত মন্তব্য দাখিল কৰিছে উক্ত মন্তব্যত স্থিতি কিছু শুধৰণি কৰিব বুলি আশা কৰা হৈছিল। কিন্তু তেনে কোনো দেখা নগ’ল। আদালতে এটৰ্ণী জেনেৰেলক সম্বোধন কৰি কয় যে আমি ভূষণক সুবিধা দিছো। ভুল সদায় ভুলেই। এই সন্দৰ্ভত মানুহজনে অনুভৱ কৰিব লাগে। আদালতক মৰ্যদাসহকাৰে ভূষণে কৈছে যে ক্ষমা নিবিচাৰো। আদালতে এনেদৰে কৈ আদালত অৱমাননাৰ দোষী প্ৰশান্ত ভূষনৰ শাস্তিৰ ৰায়ৰ পৰিমাণ কিমান হ’ব সেই বিষয়ৰ ৰায়দান সংৰক্ষণ কৰে আদালতে।
প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰত শাস্তিৰ ৰায়দান ২০ আগষ্টত ২ দিনৰ বাবে পিছৱাই দিছিল। দুদিন সমাপ্ত হোৱাৰ পিছতে পুনৰ ২ দিনৰ বাবে পিছুৱাই দিছিল উচ্চতম ন্যায়ালয়ে৷ আদালতে প্ৰশান্ত ভূষণক তেওঁ কৰা মন্তব্য সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ কৈছিল৷ আনহাতে এই ক্ষেত্ৰত আদালতে সময় দিয়ে প্ৰশান্ত ভূষণক৷ দেশৰ সমাজকৰ্মী তথা বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে তেওঁৰ গোচৰৰ ৰায় দানৰ শুনানি অন্য বেঞ্চত কৰিবলৈ আবেদন কৰিছিল যদিও উক্ত আবেদন খাৰিজ কৰিছিল আদালতে। প্ৰশান্ত ভূষণক নিশ্চিতি দিছিল যে আদালত অৱমাননা গোচৰত দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে দাখিল কৰাৰ আৰ্জিৰ আদালতে নিৰ্ণয় নোলোৱা পৰ্যন্ত শাস্তি সন্দৰ্ভৰ শুনানি অনুষ্ঠিত নকৰে৷
শাস্তিৰ ৰায় ঘোষণাৰ পূৰ্বে অনুষ্ঠিত শুনানিৰ দিন পিছুৱাই দিবলৈ এক আৰ্জি দাখিল কৰিছিল যদিও আদালতে আৰ্জি খাৰিছ কৰিছিল৷ উচ্চতম ন্যায়ালয়ত প্ৰশান্ত ভূষণে শাস্তিৰ ৰায়ৰ শুনানি পিছুৱাই দিবলৈ আৰ্জি দিছিল৷ প্ৰশান্ত ভূষণৰ পক্ষৰ অধিবক্তা দুষ্যন্ত ডুবেই কয় যে উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰৰ আবেদন কৰিবলৈ ৩০ দিনৰ সময় থাকে৷
কিন্তু ন্যায়াধীশ অৰুণ মিশ্ৰই কয় যে আদালতৰ ৰায় তেতিয়াহে হ’ব যেতিয়া আদালতে ৰায় ঘোষণা কৰিব৷ তেতিয়া প্ৰশান্ত ভূষণৰ পক্ষৰ অধিবক্তাই কয় যে পুনৰ বিচাৰৰ আবেদন কৰিব পৰা ব্যৱধান উপলদ্ধ আছে৷ তেতিয়া ন্যায়াধীশ মিশ্ৰই কয় যে দোষী সাব্যস্ত হোৱাৰ শুনানি শাস্তি ৰূপে হয়৷ দুয়োটা বিষয়তে পুনৰ বিচাৰ কৰিব পাৰ যায়৷
১৪ আগষ্টত গোচৰৰ ৰায়দান প্ৰদান কৰি দোষী সাব্যস্ত কৰি ৰায়দান কৰিছিল৷ শাস্তিৰ ৰায়দান সুৰক্ষিত ৰাখিছিল শীৰ্ষ আদালতে৷ এটা টুইটৰ আধাৰত প্ৰশান্ত ভূষণৰ বিৰুদ্ধে গোচৰ চলিছিল আৰু উক্ত গোচৰত শুনানি অনুষ্ঠিত হোৱাত দোষী সাব্যস্ত হৈছিল প্ৰশান্ত৷
যোৱা ১৪ আগষ্টত আদালত অৱমাননা গোচৰত দোষী সাব্যস্ত হৈছিল দেশৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ৷ উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰি ৰায় দিয়াৰ লগতে অহা ২০ আগষ্টত শাস্তিৰ ৰায়দান দিব বুলি কৈছিল আদালতে৷ আদালতে শাস্তিৰ ৰায়দান সুৰক্ষিত কৰি ৰাখিছিল৷ অধিবক্তা প্ৰশান্ত ভূষণৰ এটা টুইটক লৈ আদালত অৱমাননা কৰাৰ গোচৰ ৰুজু হৈছিল৷ ন্যায়াধীশ অৰুণ মিশ্ৰ, বি আৰ গবই আৰু কৃষ্ণ মুৰাৰীৰ বেঞ্চে এই ৰায় দান দিব আজি৷
আজি শাস্তি ৰায়ৰ বাবে শুনানি অনুষ্ঠিত হোৱাৰ লগেত শাস্তি ঘোষণা কৰিব শীৰ্ষ আদালতে৷ ৫ আগষ্টৰ পৰা আদালতে ৰায়দান সুৰক্ষিত কৰি ৰাখিছিল৷ এই গোচৰ অন্য আদালতলৈ প্ৰেৰণ কৰিবৰ বাবে আবেদন কৰা হৈছিল যদিও উক্ত আবেদনে খাৰিজ কৰিছে আদালতে৷
এই গোচৰত অধিবক্তা ভূষণে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কৈছিল যে মুখ্য ন্যায়াধিশক সুস্থ সমোলোচনা কৰিলে শীৰ্ষ আদালতৰ প্ৰতিষ্ঠা হানি নহয়৷ উল্লেখ্য যে, কিছু দিন পূৰ্বে প্ৰশান্ত ভূষণে এটা টুইট কৰি মুখ্য ন্যায়াধীশ এছ এ ববদেক সমালোচনা কৰিছিল৷ টুইট সন্দৰ্ভত ন্যায়ালয়ে আদালত অৱমাননা পত্ৰ প্ৰেৰণ কৰিছিল ভূষণক৷ ভূষণক উত্তৰ দিবলৈ কোৱা হৈছিল৷ কিন্তু প্ৰশান্ত ভূষণে আদালতত হলফনামা দাখিল কৰি কৈছিল যে মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশক টুইট কৰি কৰা সমালোচনা সুস্থ সমালোচনাত পৰে৷ মুখ্য ন্যায়াধীশক সমালোচনা কৰিলে উচ্চতম ন্যায়ালয়ক অপমান কৰা নহয়৷ আদালতৰ গৰিমা কম নহয়৷
বিগত ২৮ জুনত এছ এ ববদেৰ এখন ফটো চৰ্চালৈ আহিছিল৷ উক্ত ফটোত ববদে এখন বাইকত বহি আছিল৷ এই ফটোখন টুইট কৰি প্ৰশান্ত ভূষণে কৈছিল যে উচ্চতম ন্যায়ালয় সাধাৰণ লোকৰ বাবে বন্ধ কৰি মুখ্য ন্যায়াধীশে বিজেপিৰ নেতাৰ ৫০ লাখ টকাৰ বাইক চলাই আছে৷ এই সন্দৰ্ভত মধ্য প্ৰদেশৰ অধিবক্তা মানেক মহেশ্বৰীয়ে আদালতৰ ওচৰ চাপিছিল৷