February 6, 2023, 10:42 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান, ১ টকা জৰিমণা বিহিলে প্ৰশান্ত ভূষণক

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 93 Time View

গুৱাহাটীঃ আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ১ টকা জৰিমণা বিহে প্ৰশান্ত ভূষণক৷ এই জৰিমণাৰ ধন ১৫ চেপ্তেম্বৰৰ ভিতৰত আদায় নিদিলে ৩ মাহৰ বাবে জেল হোৱাৰ লগতে তিনিবছৰৰ বাবে অধিবক্তাৰ পঞ্জীয়ন বাতিল হ’ব বুলি শাস্তিৰ ৰায়দানত উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববদেক টুইট কৰি সমালোচনা কৰা কাণ্ডত দোষী সাব্যস্ত হৈছিল ভূষণ৷ দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত আজি শাস্তিৰ ৰায়দান ঘোষণা কৰে৷ ৬৩ বছৰীয়া প্ৰশান্তে আদালতক ক্ষমা বিচাৰিবলৈ প্ৰস্তুত নহৈ ক্ষমা বিচাৰিলে তেওঁৰ অন্তৰ আত্মা আৰু ন্যায়ালয়ৰ অৱমাননা হ’ব বুলি কৈছিল৷

২৫ আগষ্টত অন্তিম শুনানিত ন্যায়াধীশ অৰুণ মিশ্ৰৰ বেঞ্চে কৈছিল প্ৰশান্ত ভূষণ ব্যৱস্থাৰ অংশীদাৰ৷ আপুনি ব্যৱস্থাক নষ্ট কৰিব নোৱাৰে৷ আমি ইজনে-সিজনক সন্মান কৰো৷ যদি ইজনে-সিজনক নষ্ট কৰিব যাও তেন্তে সংস্থাৰ প্ৰতি বিশ্বাস কাৰ থাকিব৷ দীৰ্ঘদিন পূৰ্বে আদালত অৱমাননা গোচৰত প্ৰশান্ত ভূষণক দোষী পোৱা গৈছিল৷ কিন্তু ভূষণে সৰ্বোচ্ছ কাৰ্য সম্পাদন কৰা বুলি কৈ লোকতন্ত্ৰ আৰু আৰু ইয়াৰ মূল্যক ৰক্ষা কৰিবলৈ আলোচনা আৱশ্যক বুলি কৈছিল৷ আনহাতে যি শাস্তিয়েই নিদিয়ক কিয় তাক স্বীকাৰ কৰিম বুলি কৈছে ভূষণে৷

আদালত অৱমাননা গোচৰৰ দোষী দেশৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণৰ শাস্তিৰ ৰায়দান সংৰক্ষণ কৰি ৰাখিছে দেশৰ শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ে আদালত অৱমাননা-২০২০ গোচৰৰ দোষী প্ৰশান্ত ভূষণৰ শাস্তি ৰায়দানৰ ক্ষেত্ৰত অনুষ্ঠিত ২৫ আগষ্টৰ শুনানিকালত এটৰ্ণী জেনেৰেলৰ ৰায় বিচাৰে। এই ক্ষেত্ৰত এটৰ্ণী জেনেৰেলে মন্তব্য দি কয় যে প্ৰশান্ত ভূষণৰ টুইটে এই কথা প্ৰতিপন্ন কৰে যে ন্যায়িক ব্যৱস্থাত শুধৰণিৰ প্ৰয়োজন আছে। ইয়াৰ বাবে প্ৰশান্ত ভূষণক ক্ষমা কৰি দিব লাগে। এটৰ্ণী জেনেৰেলে আৰু কয় যে অধিবক্তা প্ৰশান্ত ভূষণে আদালতৰ বিৰুদ্ধে প্ৰদান কৰা মন্তব্য উভতাই ল’ব। এই কাৰণেই ভূষণক সাৱধান কৰি দি মুক্ত কৰিব লাগে।

ৰোমাঞ্চক কথা এই যে আদলতত প্ৰশান্ত ভূষণৰ অধিবক্তা ৰাজীৱ ধৱনক প্ৰশ্ন কৰি কয় যে আপুনি পৰামৰ্শ দিয়ক প্ৰশান্ত ভূষণক কি শাস্তি দিব লাগে? অধিবক্তা ধাৱনে কয় যে এটৰ্ণী জেনেৰেলে পৰামৰ্শ দিছে। ভূষণক সাৱধন কৰি দি গোচৰৰ পৰা মুক্ত কৰি দিব লাগে। মই এইটো পক্ষতে আছো। মই ইয়াকে বিচাৰে যে সাধাৰণ সাৱধানবাণীৰে ভূষণক মুক্ত কৰিব লাগে।

শুনানিৰ সময়ত আদালতে কয় যে ভূষণে আদালতত যি অতিৰিক্ত মন্তব্য দাখিল কৰিছে উক্ত মন্তব্যত স্থিতি কিছু শুধৰণি কৰিব বুলি আশা কৰা হৈছিল। কিন্তু তেনে কোনো দেখা নগ’ল। আদালতে এটৰ্ণী জেনেৰেলক সম্বোধন কৰি কয় যে আমি ভূষণক সুবিধা দিছো। ভুল সদায় ভুলেই। এই সন্দৰ্ভত মানুহজনে অনুভৱ কৰিব লাগে। আদালতক মৰ্যদাসহকাৰে ভূষণে কৈছে যে ক্ষমা নিবিচাৰো। আদালতে এনেদৰে কৈ আদালত অৱমাননাৰ দোষী প্ৰশান্ত ভূষনৰ শাস্তিৰ ৰায়ৰ পৰিমাণ কিমান হ’ব সেই বিষয়ৰ ৰায়দান সংৰক্ষণ কৰে আদালতে।

প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰত শাস্তিৰ ৰায়দান ২০ আগষ্টত ২ দিনৰ বাবে পিছুৱাই দিছিল। দুদিন সমাপ্ত হোৱাৰ পিছতে পুনৰ ২ দিনৰ বাবে পিছুৱাই দিছিল উচ্চতম ন্যায়ালয়ে৷ আদালতে প্ৰশান্ত ভূষণক তেওঁ কৰা মন্তব্য সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ কৈছিল৷ আনহাতে এই ক্ষেত্ৰত আদালতে সময় দিয়ে প্ৰশান্ত ভূষণক৷ দেশৰ সমাজকৰ্মী তথা বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে তেওঁৰ গোচৰৰ ৰায় দানৰ শুনানি অন্য বেঞ্চত কৰিবলৈ আবেদন কৰিছিল যদিও উক্ত আবেদন খাৰিজ কৰিছিল আদালতে। প্ৰশান্ত ভূষণক নিশ্চিতি দিছিল যে আদালত অৱমাননা গোচৰত দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে দাখিল কৰাৰ আৰ্জিৰ আদালতে নিৰ্ণয় নোলোৱা পৰ্যন্ত শাস্তি সন্দৰ্ভৰ শুনানি অনুষ্ঠিত নকৰে৷

শাস্তিৰ ৰায় ঘোষণাৰ পূৰ্বে অনুষ্ঠিত শুনানিৰ দিন পিছুৱাই দিবলৈ এক আৰ্জি দাখিল কৰিছিল যদিও আদালতে আৰ্জি খাৰিছ কৰিছিল৷ ন্যায়াধীশ অৰুণ মিশ্ৰই কয় যে আদালতৰ ৰায় তেতিয়াহে হ’ব যেতিয়া আদালতে ৰায় ঘোষণা কৰিব৷ তেতিয়া প্ৰশান্ত ভূষণৰ পক্ষৰ অধিবক্তাই কয় যে পুনৰ বিচাৰৰ আবেদন কৰিব পৰা ব্যৱধান উপলদ্ধ আছে৷ তেতিয়া ন্যায়াধীশ মিশ্ৰই কয় যে দোষী সাব্যস্ত হোৱাৰ শুনানি শাস্তি ৰূপে হয়৷ দুয়োটা বিষয়তে পুনৰ বিচাৰ কৰিব পাৰ যায়৷

১৪ আগষ্টত গোচৰৰ ৰায়দান প্ৰদান কৰি দোষী সাব্যস্ত কৰি ৰায়দান কৰিছিল৷ শাস্তিৰ ৰায়দান সুৰক্ষিত ৰাখিছিল শীৰ্ষ আদালতে৷ এটা টুইটৰ আধাৰত প্ৰশান্ত ভূষণৰ বিৰুদ্ধে গোচৰ চলিছিল আৰু উক্ত গোচৰত শুনানি অনুষ্ঠিত হোৱাত দোষী সাব্যস্ত হৈছিল প্ৰশান্ত৷

যোৱা ১৪ আগষ্টত আদালত অৱমাননা গোচৰত দোষী সাব্যস্ত হৈছিল দেশৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ৷ উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰি ৰায় দিয়াৰ লগতে অহা ২০ আগষ্টত শাস্তিৰ ৰায়দান দিব বুলি কৈছিল আদালতে৷ আদালতে শাস্তিৰ ৰায়দান সুৰক্ষিত কৰি ৰাখিছিল৷ অধিবক্তা প্ৰশান্ত ভূষণৰ এটা টুইটক লৈ আদালত অৱমাননা কৰাৰ গোচৰ ৰুজু হৈছিল৷ ন্যায়াধীশ অৰুণ মিশ্ৰ, বি আৰ গবই আৰু কৃষ্ণ মুৰাৰীৰ বেঞ্চে এই দোষীৰ ৰায় দান দিছিল৷

৫ আগষ্টৰ পৰা আদালতে ৰায়দান সুৰক্ষিত কৰি ৰাখিছে৷ এই গোচৰ অন্য আদালতলৈ প্ৰেৰণ কৰিবৰ বাবে আবেদন কৰা হৈছিল যদিও উক্ত আবেদনে খাৰিজ কৰিছে আদালতে৷ এই গোচৰত অধিবক্তা ভূষণে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কৈছিল যে মুখ্য ন্যায়াধিশক সুস্থ সমোলোচনা কৰিলে শীৰ্ষ আদালতৰ প্ৰতিষ্ঠা হানি নহয়৷

উল্লেখ্য যে, কিছু দিন পূৰ্বে প্ৰশান্ত ভূষণে এটা টুইট কৰি মুখ্য ন্যায়াধীশ এছ এ ববদেক সমালোচনা কৰিছিল৷ টুইট সন্দৰ্ভত ন্যায়ালয়ে আদালত অৱমাননা পত্ৰ প্ৰেৰণ কৰিছিল ভূষণক৷ ভূষণক উত্তৰ দিবলৈ কোৱা হৈছিল৷ কিন্তু প্ৰশান্ত ভূষণে আদালতত হলফনামা দাখিল কৰি কৈছিল যে মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশক টুইট কৰি কৰা সমালোচনা সুস্থ সমালোচনাত পৰে৷ মুখ্য ন্যায়াধীশক সমালোচনা কৰিলে উচ্চতম ন্যায়ালয়ক অপমান কৰা নহয়৷ আদালতৰ গৰিমা কম নহয়৷

বিগত ২৮ জুনত এছ এ ববদেৰ এখন ফটো চৰ্চালৈ আহিছিল৷ উক্ত ফটোত ববদে এখন বাইকত বহি আছিল৷ এই ফটোখন টুইট কৰি প্ৰশান্ত ভূষণে কৈছিল যে উচ্চতম ন্যায়ালয় সাধাৰণ লোকৰ বাবে বন্ধ কৰি মুখ্য ন্যায়াধীশে বিজেপিৰ নেতাৰ ৫০ লাখ টকাৰ বাইক চলাই আছে৷ এই সন্দৰ্ভত মধ্য প্ৰদেশৰ অধিবক্তা মানেক মহেশ্বৰীয়ে আদালতৰ ওচৰ চাপিছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে