জামিন মঞ্জুৰ বিকি প্ৰসাদ গুপ্তাৰ৷ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে। পল্টনবাজৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তদন্তকাৰী বিষয়া উপস্থিত আছিল আদালতত। আৰক্ষীয়ে দোষ স্বীকাৰ কৰিছে আদালতত। ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ অন্য ৫ গৰাকী আৰক্ষীক চমন৷ পূৰ্বে বিকি গুপ্তা জে’ললৈ যোৱাৰ কথা খণ্ডন কৰিছে পত্নীয়ে৷ এফ আৰ দাখিল কৰিলে দোষমুক্ত হ’ব বিকি গুপ্তা৷ যোৱা ১৯ মাৰ্চত আৰক্ষীক প্ৰহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বাইক আৰোহী বিকি প্ৰসাদ গুপ্তাক৷ গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷ গুৱাহাটীৰ পল্টন বজাৰৰ বিশাল মেগামাৰ্টৰ সন্মুখত আৰক্ষী আৰু বাইক আৰোহীৰ মাজত হতাহতি কাণ্ড সংঘটিত হৈছিল৷ তাৰ পিছতে বাইক আৰোহীক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ আৰক্ষীক প্ৰহাৰৰ অভিযোগত বিকি প্ৰসাদ গুপ্তাক গ্ৰেপ্তাৰ কৰা হয়৷ কণমানি সন্তান, পত্নীৰ সন্মুখত আৰক্ষীয়ে মাৰ-ধৰ কৰিছিল বিকি গুপ্তাক৷ গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ আৰক্ষী থানা এলেকাৰ পল্টন বজাৰত কনিষ্টবলে পত্নী-সন্তান বাইকত থকাৰ সময়তে আৰোহীক মাৰধৰ কৰাৰ এইটো ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সময়ত কণমানি সন্তান আৰু পত্নী বাইকত বহি আছিল। আৰক্ষীয়ে লোকজনক প্ৰহাৰৰ সময়ত কণমানি আৰু পত্নীসহ বাইক বাগৰি পৰিছিল যদিও দুয়ো ৰক্ষা পৰে৷ ৰাজ্যত আৰক্ষীৰ গুণ্ডাগিৰী কৰাৰ অভিযোগ উত্থাপন কৰি ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনাই বিভিন্ন জনে৷ ছ’চিয়েল মিডিয়াত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ সময়তে অভিযুক্ত আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন কৰা হয়৷ শুকুৰবাৰে হঠাতে তীব্ৰ তালাচী চলাই থকাৰ সময়তে আৰক্ষী আৰু বিকি প্ৰসাদ গুপ্তা নামৰ আৰোহীৰে হতাহতিৰ সৃষ্টি হয়। বাইক আৰোহীক প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলজনে। বাইক আৰোহীও আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল। এগৰাকী মহিলা আৰু এটি কণমানি শিশুও আছিল বাইকখনত। আৰক্ষী আৰু আৰোহীজনৰ প্ৰথম অৱস্থাত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল যদিও পিছলৈ মাৰপিটৰ ৰূপ লয়। আৰক্ষী কনিষ্টবলজনে প্ৰহাৰ কৰে বাইকৰ ওপৰত উঠি থকা লোকজনক। ফলত বাইকৰ পৰা বাগৰি পৰে কণমানি শিশুৰ লগতে বাইকখনত থকা মহিলাগৰাকী। জানিব পৰে মতে, বাইক আৰোহীজনে ৰাস্তা কিছু সময় ব্লক কৰি ৰাখিছিল। যান-বাহন আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদৰ শেহতীয়াকৈ ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে৷ ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ডিজিপি ভাস্কৰজ্যোতি মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিকি গুপ্তাক সন্মানসহকাৰে উলিয়াই আনিবলৈ কৈছিল৷