নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ কোম্পানীয়ে বৃহৎ বিত্তীয় অনিয়ম সংঘটিত কৰাৰ বাতৰি বিয়পি পৰাৰ পিছত অসমৰ যিসকল গ্ৰাহকে আদানীয়ে ঋণ লোৱা ষ্টেট বেংক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেচনেল বেংক আৰু এল আই চি আদি ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহত বিনিয়োগ কৰিছিল, তেওঁলোক উদ্বিগ্ন হৈ পৰিছে৷ কিয়নো আদানিয়ে ঋণ লোৱা প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ হুৰাহুৰে নামি অহাৰ ফলত লাখ লাখ গ্ৰাহকো লোকচানৰ মুখত পৰিছে৷ এনে পৰিস্থিতিত অসমৰ বিনিয়োগকাৰীসকলৰ বিনিয়োগৰ ধনৰ সুৰক্ষা ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগে বুলি দাবী উঠিছে৷
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ইতিপূৰ্বে নীৰৱ মোদী, মেহুল চৌকচিকে ধৰি গুজৰাটৰ ৩৭ গৰাকী ব্যৱসায়ীয়ে এক লাখ কোটিতকৈ অধিক টকা ঋণ লৈ ইতিমধ্যেই ভাৰতৰ পৰা পলায়ন কৰিছে৷ এতিয়া আকৌ প্ৰধানমন্ত্ৰী মোদীৰ আশীষধন্য উদ্যোগপতি গৌতম আদানিৰ কোম্পানীয়ে বৃহৎ অনিয়মেৰে বিনিয়োগকাৰীৰ ধন নিজৰ বুলি দেখুৱাই সেই ধন ‘মৰ্টগেজ’ত ৰাখি ষ্টেট বেংক ইণ্ডিয়া, পাঞ্জাৱ নেচনেল বেংক, এল আই চি আদি ৰাষ্ট্ৰীয়কৃত বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৮ লাখ কোটি টকাৰ ঋণ লৈ উক্ত বেংক-প্ৰতিষ্ঠানসমূহক বিপদত পেলাইছে৷
গগৈ আৰু ভূঞাই কয় যে নাগৰিকৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব যিহেতু মূলতঃ ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত, সেয়ে আদানী-কাণ্ডৰ ফলত এছ বি আই, পি এন বি, এল আই চি আদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ধন বিনিয়োগকাৰীসকলক তেওঁলোকৰ ধন সুৰক্ষিত হৈ থাকিব নে নাই, সেয়া অৱগত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে লোৱা উচিত৷
এই ক্ষেত্ৰত সংশ্লিষ্ট বেংক-বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে কথা পাতি এই বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক গগৈ আৰু ভূঞাই দাবী জনায়৷