ডিজিটেল ডেস্কঃ আমেৰিকান গৱেষণা সংস্থা হিণ্ডেনবাৰ্গে আদানি গ্ৰুপৰ জালিয়াতি প্ৰকাশ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মন্তব্য প্ৰকাশ কৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ গোটে৷ এক বিবৃতিত সংস্থাটোৱে কৈছে যে মূল বিষয়সমূহ ধোৱা-কোৱা কৰিবৰ বাবেই আদানি গোষ্ঠীয়ে জাতীয়তাবাদক টানি আনিছে৷ এয়া দেশৰ ওপৰত আক্ৰমণ বুলি আদানি গ্ৰুপে কৰা মন্তব্য হাস্যকৰ আখ্য়া দিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ সংস্থাই৷ সংস্থাটোৱে কয়, তেওঁলোকৰ ভাৰতৰ বিৰুদ্ধে কোনো বিদ্বেষ নাই৷ ভাৰতৰ গণতন্ত্ৰক তেওঁলোকে সন্মান কৰে আৰু ভাৰত বিশ্বৰ শক্তিশালী দেশসমূহৰ ইতিমধ্যে তালিকাভুক্ত হৈছে৷ আদানি গ্ৰুপে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তথ্যসহকাৰে নাকচ কৰক বুলিও প্ৰত্যাহ্বান জনাইছে সংস্থাটোৱে৷ ইফালে আদানি গ্ৰুপৰ তৰফৰ কোৱা হৈছিল যে এয়া এক ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ৷