কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ উৰণীয়া সেঁতুৰ তলত আজি বিয়লি ৩:২৫ মান বজাত ৰে’ল দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত যুৱকজনৰ মূৰটো ছিন্ন হৈ পৰে। নিহত যুৱকজনক সদৰ চহৰৰ ৬নং ৱাৰ্ডৰ বাসিন্দা নুৰুল হালদাৰৰ সন্তান মফিজুল হালদাৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।