আজি (২০ মাৰ্চ) বিশ্ব মুখ-স্বাস্থ্য দিৱস। এই বছৰৰ মুখ-স্বাস্থ্য দিবসৰ শীৰ্ষ-বাক্য ‘Be proud of your mouth’ অৰ্থাৎ আপোনাৰ মুখখনক লৈ গৰ্বিত হওক বা আপোনাৰ মুখখনৰ কাৰণে গৌৰৱ অনুভৱ কৰক। সচাকৈ মুখ-স্বাস্থ্য পৰম সম্পদ। মানৱ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত দাঁত দুপাৰি অন্যতম। আজি বিশ্ব মুখস্বাস্থ্য দিৱস উপলক্ষে এক বিবৃতি জাৰি কৰি অসমৰ ৰাষ্ট্ৰীয় মুখস্বাস্থ্য কাৰ্যসূচীৰ অতিৰিক্ত ৰাজ্যিক নডেল বিষয়া ডা০ ৰুবী কটকীয়ে প্ৰতিজন মানুহে নিজৰ অভিজ্ঞতা আৰু জীৱন বাটত আহৰণ কৰা নিম্নতম জ্ঞানৰ পৰা এই কথা জানে যে দাঁতৰ সুস্বাস্থ্যৰ ওপৰত মানুহৰ সুখ শান্তি, দৈহিক সৌন্দৰ্য আৰু জীয়াই থকাৰ আনন্দ বহু পৰিমাণে নিৰ্ভৰ কৰে বুলি কয়।
ডা০ ৰুবী কটকীয়ে কয় যে বিশ্ববিশ্ৰুত সাহিত্যিক শ্বেক্সপীয়েৰে কৈছিল যে ‘There was never yet philosopher that could endure the toothache patiently’৷ স্থিতধী দাৰ্শনিকৰ পক্ষেও দাঁতৰ বিষৰ যন্ত্ৰণা সহ্য কৰিব পৰাটো অসম্ভৱ। কিন্তু সময়ত, সঠিক নিয়ম প্ৰণালীৰে দাঁতৰ যতন ল’ব জানিলে ইয়াৰ পৰা হ’ব উদ্ভৱ হোৱা বহু বিষময় জটিল সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। অকণমান সচেতনতা আৰু অলপমান যতনে দাঁত দুপাৰি সুন্দৰ, সবল আৰু ৰোগমুক্ত কৰি ৰখাত যঠেষ্ট সহায় কৰে। ৰোগৰ আৰম্ভণিতে নতুবা প্ৰতি ছমাহৰ মূৰে মূৰে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ললে বহু ৰোগ প্ৰাৰম্ভিক অৱস্থাতে নিৰ্মূল তথা প্ৰতিৰোধ কৰিব পৰা যায়। এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য গঠনত দাঁত দুপাৰিৰ ভূমিকা উল্লেখনীয়। আমাৰ মুখ গহ্বৰ শৰীৰটোৰ দাপোন স্বৰূপ। আমাৰ শৰীৰৰ সাধাৰণ স্বাস্থ্য মুখখনতেই প্ৰতিফলিত হয়। দাঁত মুখৰ পৰা হোৱা ৰোগৰ বাবে শৰীৰৰ বিভিন্ন অংশত, বিভিন্ন তন্ত্ৰত, যেনে পেট, যকৃত (পাচন তন্ত্ৰ), টনচিল, চাইনাছ, হাওঁফাওঁ (স্বাসতন্ত্ৰ) হৃদযন্ত্ৰৰ বেমাৰ তথা কেন্সাৰ আদি হোৱাৰ উপৰিও কম ওজনৰ সন্তান জন্ম দিয়াৰ লগতে আগতীয়া প্ৰসৱো হ’ব পাৰে। ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ ৰোগ যেনে বৃক্ক বা কিডনীৰ বেমাৰ, হাওঁফাওঁৰ ৰোগ, তেজৰ বেমাৰ, ডায়েবেটিচ, মৃগী বা মূৰ্ছা যোৱা ৰোগ, এইডছ ৰোগ আদিবোৰৰ বাবেও মুখ গহ্বৰত বিভিন্ন ধৰণৰ লক্ষণ পৰিলক্ষিত হব পাৰে।
ডা০ ৰুবী কটকীয়ে আৰু কয় যে এফালে মুখগহ্বৰৰ ৰোগে যেনেকৈ গোটেই শৰীৰটো টে প্ৰভাৱ পেলায় ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন তন্ত্ৰ তথা অংগ প্ৰত্যংগৰ ৰোগসমূহেও মুখগহ্বৰ বাৰুকৈয়ে প্ৰভাৱিত কৰে। সেয়েহে সাধাৰণ স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ লগতে দুপাৰি সুস্থ, সবল নিৰোগী দাঁতৰ গৰাকী হবলৈ চেষ্টা কৰা উচিত। শিশু অৱস্থাৰ পৰাই এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ ধৰে। ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু চাৰিত্ৰিক দিশ গঠনৰ ধনাত্মক আৰু ঋণাত্মক কাৰকবোৰ শিশু অৱস্থাৰ পৰাই আৰম্ভ হয়। গতিকে সেইখিনি সময়ত পিতৃ মাতৃ তথা অভিভাৱক যঠেষ্ট সচেতন হব লাগে। শিশু অৱস্থাত দেখা দিয়া কিছুমান বদ অভ্যাস, যেনে-আঙুলি চুহা,নখ কামুৰি থকা, নাক খুচৰি থকা, কলম বা পেন্সিল কামুৰি থকা, বেজী, আলপিন, ছেফটী পিন বা যি কোনো প্ৰকাৰৰ খৰিকাৰে (জুইশলাৰ কাঠী ইত্যাদি) দাঁত খুচৰি বা খুচি থকা স্বভাৱবোৰ আঁতৰাবলৈ আৰু দাতঁমুখৰ সঠিক যতন লবলৈ শিকোৱাটো মাক দেউতাকৰ প্ৰধান কৰ্তব্য। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিয়মিত যতনে, দাতঁ দুপাৰি সুস্থ সবল কৰি ৰাখি স্বাস্থ্য, সৌন্দৰ্য সমন্বিতে এটি সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলাত প্ৰভূত অৰিহণা যোগায়। সমগ্ৰ পৃথিৱীতে ‘বিশ্ব মুখস্বাস্থ্য দিৱস’ উদযাপনৰ লক্ষ্য আৰু তাৎপৰ্যও ইয়াতে সন্নিবিষ্ট।