স্কাই নিউজ অসম ডেস্ক, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলাৰ লক্ষ্যৰে ৫ জুনৰ দিনটো প্রতি বছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস হিচাপে। বিশ্ব পৰিৱেশ দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুনত। ইয়াৰ পাছত সমগ্ৰ বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ বিষয় লৈ পালন হয়। ২০২০ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লগান ‘Celebrate Biodiversity’।