ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে আজি এটা গৌৰৱৰ দিন। কিয়নো ভাৰতে আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত জয়ী হৈছিল। ২৬ জুলাই দিনটোত দেশে বিজয় দিৱস উদযাপন কৰি আহিছে প্ৰতিবছৰে। কিয়নো ১৯৯৯ চনৰ ২৬ জুলাইৰ আজিৰ দিনটোতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল। বহু সেনা জোৱানৰ প্ৰাণৰ বিনিময়ত ভাৰতে যুদ্ধত বিজয়ৰ নিচান উৰুৱাবলৈ সক্ষম হৈছিল। এই সেনা সকলৰ ভিতৰত অসমৰ কেপ্তেইন জিন্টু গগৈয়েও দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।
দেশবাসীৰ এনে এক গৌৰৱৰ দিনটোত প্ৰতিজন কাৰ্গিল বীৰ সেনা জোৱানলৈ স্কাই নিউজৰ তৰফৰ পৰাও যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম।