February 1, 2023, 11:23 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

আজি উচ্চতম ন্যায়ালয়ে উদ্ধৱ থাকৰেৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব

Reporter Name
  • Update Time : Friday, July 8, 2022
  • 37 Time View

ডিজিটেল ডেস্কঃ আজি উচ্চতম ন্যায়ালয়ে উদ্ধৱ থাকৰেৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ জে কে মহেশ্বৰীৰ বিচাৰপীঠে শুকুৰবাৰে শুনানিৰ বাবে উদ্ধৱৰ ঘনিষ্ঠ সুভাষ দেশাইৰ আবেদন গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে আস্থা ভোটৰ ওপৰত স্থগিতাদেশ ৰখাৰ আবেদন খাৰিজ কৰাৰ পিছতো মুখ্যমন্ত্ৰী একনাথ সিন্দেক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াক লৈ উদ্ধৱ ঠাকৰে শিবিৰত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে। গোচৰটোৰ শুনানি সোমবাৰে (১১ জুলাই) শীৰ্ষ আদালতত হ’ব। শিৱসেনাৰ নেতা সুভাষ দেশাইৰ উদ্ধৱৰ গোচৰৰ আবেদন শুক্ৰবাৰে ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ জে কে মহেশ্বৰীৰ অৱকাশকালীন বিচাৰপীঠে শুনানিৰ বাবে গ্ৰহণ কৰিছিল। অৱশ্যে, সোমবাৰে কোনবিচাৰপীঠে গোচৰটোৰ শুনানি ল’ব সেয়া দুই ন্যায়াধীশৰ বিচাৰপীঠে কোৱা নাছিল।

সুভাষৰ অধিবক্তা দেৱদত্ত কামথে শুকুৰবাৰে শীৰ্ষ আদালতক কৈছিল যে সিন্দে আৰু তেওঁৰ সহযোগীসকলৰ কেইজনমান বিধায়কৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত বিধায়কপদ বৰ্খাস্ত কৰাৰ গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। তেওঁ অভিযোগ কৰে যে সেই পৰিস্থিতিত ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ শপত অসাংবিধানিক ভাৱে শিন্দেলৈ পঢ়ি শুনাইছিল। ঘটনাক্ৰমে, উচ্চতম ন্যায়ালয়ে সোমবাৰে সিন্দে আৰু তেওঁৰ অনুগামীসকলৰ ১৫ জন বিদ্ৰোহী শিৱসেনা বিধায়কক বৰ্খাস্ত কৰা সম্পৰ্কীয় গোচৰটোৰ শুনানিও কৰিব ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে। মহাৰাষ্ট্ৰ বিধানসভাত শিৱসেনাৰ মুখ্য হুইপ সুনীল প্ৰভুৱে দলত্যাগ বিৰোধী আইনৰ অধীনত শিন্দে আৰু ১৫ জন বিধায়কক বৰ্খাস্ত কৰিবলৈ বিচাৰি গোচৰটো দাখিল কৰিছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে