বিগত কিছু দিন ধৰি সংখ্যা লক্ষ্য কৰিলে দেখা যায় যে অসমত সম্পূৰ্ণ ৰূপে হ্ৰাস হৈছে কোভিডৰ সংক্ৰমণ৷ আজি অসমত কোভিডত আক্ৰান্ত হৈছে কেৱল দুগৰাকী লোক৷ ইপিনে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোভিডত এগৰাকীও লোকৰ মৃত্যু হোৱা নাই। ৬৫৭গৰাকী নমুনা সংগ্ৰহ কৰি কোভিড পৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে। কামৰূপ মহানগৰ জিলাত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২গৰাকী লোক। কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৩০ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৮৯ শতাংশ।