February 3, 2023, 8:43 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁৱৰ কুজিদাঁহত ক্ৰিকেট কৰ্মশালাৰ আয়োজন বৰ্ষাপাৰাত এ আৰ ৰহমানৰ সৈতে গীত গালে অসমৰ জীয়ৰী অন্তৰা নন্দীয়ে কি আছে নীলমণি ফুকনৰ গোপন পত্ৰত? আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20 ৰ বৈঠক প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল

আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই কি কি সিদ্ধান্ত ল’লেঃ ক্লিক কৰি পঢ়ক

Reporter Name
  • Update Time : Monday, May 23, 2022
  • 42 Time View

ৰাজ্যত বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দ্বিতীয় খন বৈঠত আজি অনুষ্ঠিত হয়৷ সকলো মন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

আজিৰ বৈঠকত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কাঠামো তৈয়াৰ কৰাৰ ঘোষণা কৰে৷ স্নাতক, স্নাতকোত্তৰ ব্যৱস্থা যেনে- BA, BSc, MA, MSc, BCA, BBAৰ বা ৩০২ৰ বৰ্তমানৰ আৰ্হিৰ অন্য কোনো অনুৰূপ পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য বা যিকোনো সংহত আৰ্হিৰ বাবে প্ৰযোজ্য হ’ব৷

শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ পছন্দ আধাৰিত ক্ৰেডিট প্ৰণালী (CBCS) বৰ্ডৰ পুনৰীক্ষণ। শাখা, পাঠ্যক্রম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ বৃত্তিমূলক আৰু শৈক্ষিক ক্ষেত্রত কোনো কঠিন পৃথকীকৰণ নহয়।

৩ বা ৪ বছৰৰ সময়সীমাৰ স্নাতক ডিগ্রী পাঠ্যক্ৰম একাধিক নামভর্তি, আংশিক পাঠ্যক্রম, পুনৰ নামভৰ্তি আদি বিকল্পৰ সৈতে সিদ্ধান্ত লোৱা হয়৷ ১ বছৰ (২ ষাণ্মাসিক) সম্পূৰ্ণ কৰাৰ পিছত এখন প্রমাণপত্র৷ ২ বছৰৰ পিছত (৪ ষাণ্মাসিক) ডিপ্লমা৷ ৩ বছৰীয়া পাঠ্যক্ৰমৰ পিছত স্নাতক ডিগ্রী (৬ ষাণ্মাসিক)৷ ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্রী (৮ষাণ্মাসিক)৷ জটিল গৱেষণা প্রকল্প সম্পূর্ণ কৰা শিক্ষার্থীয়ে ৪ বছৰীয়া পাঠ্যক্ৰমৰ পিছত গৱেষণাৰ সৈতে স্নাতক ডিগ্রী।

৩ বছৰত স্নাতক ডিগ্ৰী সম্পূর্ণ কৰাসকলৰ বাবে ১ বছৰৰ পাঠ্যক্ৰমৰ পাছত নির্দিষ্ট শাখাৰ স্নাতকোত্তৰ ডিপ্লমা আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰগ্ৰেমৰ ডিজাইন/সময়সীমাৰ ক্ষেত্ৰত নমনীয়তা প্ৰকাশ কৰে৷ সেই মতে, ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্রী পাঠ্যক্ৰম থাকিব য’ত দ্বিতীয় বৰ্ষৰ গৱেষণাৰ বাবে নিবেদিত (৩ বছৰীয়া স্নাতক ডিগ্রী সম্পূর্ণ কৰা বাবে)৷ ৪ বছৰীয়া ডিগ্রী সম্পূর্ণ কৰাৰ বাবে ১ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম থাকিব।

আনহাতে, বৈঠকত গাড়ীচালনাৰ ক্ষেত্ৰত স্পীডৰ সীমা নিৰ্ধাৰণ কৰে। ইয়াৰ লগতে শিক্ষক বদলিৰ প্ৰসংগতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। শিক্ষক বদলি প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়ম ২০২২ত অনুমোদন জনায়। প্ৰাথমিক, মাধ্যমিক, সৰ্বশিক্ষা সমিতি অসমৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলকো ট্ৰেন্সফাৰ পৰ্টেলৰ জৰিয়তে অনলাইন পদ্ধতিত জিলা অন্তৰ্ৱতী, আন্তঃজিলা আৰু পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰা হ’ব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে