দেৱজিৎ সোণোৱালঃ হৰি নামেৰে মুখৰিত হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। লাখ লাখ ভকতক আদৰিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলা বাসী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনৰ মূল কাৰ্যসূচী ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব যদিও ৰাইজৰ সুবিধাৰ্থে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীসমূহ মঙলবাৰৰ পৰা মুকলি কৰাৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে। অধিৱেশনৰ সৈতে সংগতি ৰাখি নাহৰকটীয়া মহাবিদ্যালয়ত প্ৰতিষ্ঠা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ। এই কথা জানিবলৈ দিয়ে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহিবলগীয়া আৰু সৰ্বমুঠ ৬২৮ খন বিপনী অংশ লৈ মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মূল তোৰণ, মূল মঞ্চ আৰু মণ্ডপ, ধর্মধ্বজ্জা উত্তোলনস্থলী, বিশেষ প্ৰতিনিধি শিবিৰ, চিকিৎসা শিবিৰ, ভোজনালয় আৰু ভোজনালয় অভ্যৰ্থনা কক্ষ আদিৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। প্ৰতিদিনে প্ৰায় ১০ লক্ষ্যধিক ভকত বৈষ্ণৱৰ আগমন ঘটিবলগীয়া অনুষ্ঠানত সৰ্বস্তৰৰ লোকৰ আগমনে জীপাল হৈ পৰিছে অধিবেশনস্থলী। ইফালে অধিৱেশন প্ৰথম দিনা ভোজনালয়ত প্ৰতি সাঁজতে শংকৰদেৱ সংঘৰ আই মাতৃ কল্যাণ সমিতিৰ তৰফৰ পৰা ভকতসকলক শুশ্ৰূষা কৰা হ’ব৷ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয় প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে সকলোধৰণৰ কাম-কাজ নিৰ্ধাৰিত সময়ৰ ভিতৰতেই সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে। অধিৱেশন সৈতে সংগতি ৰাখি স্থায়ী পদক্ষেপ লৈ নাহৰকটীয়া মহাবিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি পদাধিকাৰগৰাকীয়ে অৱগত কৰে। লাখ লাখ ভকতৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰ হৈছে নাহৰকটীয়া ৰাঙলী কলিয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ।