বোকাখাত: আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনী ৷ অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই প্ৰদৰ্শণী আজি পুৱা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
তিনিদিনীয়া এই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা উদ্যমী কৃষকসকলে যােগদান কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম, মালয়েচিয়াকে ধৰি কেইবাখনাে দেশৰ প্রতিনিধিয়েও অংশ গ্ৰহন কৰিব বুলি বুধবাৰে এক সংবাদ মেলত সদৰি কৰে কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই ৷ এই প্ৰদৰ্শনীৰ বাবে ইতিমধ্যেই বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২০০ খনকৈ বিপনি সঁজাই তোলা হৈছে ৷ আটক ধুনীয়া তোৰণেৰ সঁজাই তোলা এই প্ৰদৰ্শনীত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰগতিশীল কৃষকে অংশ গ্ৰগন কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম, মালয়েচিয়াকে ধৰি কেইবাখনাে দেশৰ প্রতিনিধিয়েও অংশ গ্ৰহন কৰিব বুলি কৃষিমন্ত্ৰী অতুল বৰাই জনাইছে ৷ তিনিদিনীয়া এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ভালেমান আলেচনা চক্ৰ , কৰ্মশালা আৰু প্ৰশিক্ষণৰ কাৰ্যসুচীও অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠান বোৰত ১০ খন ৰাষ্ট্ৰৰ হাই কমিচনাৰে অংশ গ্ৰহন কৰাৰ লগতে বহু দেশৰ কৃষি বিশেষজ্ঞই ভাৰ্চুৱেল সংযোগেৰে অংশ গ্ৰহন কৰিব বুলিও মন্ত্ৰী অতুল বৰাই জনায় ৷ অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীয়েও অন লাইন যোগে কাৰ্যসুচীত অংশগ্ৰহন কৰাৰ কথা ৷ প্ৰায় ৫ কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসুচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহন কৰিব বুলি সংবাদ মেলত মন্ত্ৰী অতুল বৰাই জনায় ৷
এই মেলাই অসমৰ কৃষি তথা উদ্যান শস্যৰ লগত জড়িত সকলো কৃষকক উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অনন্য মাত্রা প্রদান কৰিবলৈ সক্ষম হব বুলি কৃষিমন্ত্ৰী অতুল বৰাই জনায় ৷ তিনিদিনীয়া এই প্রদর্শনীত ৰাজ্যৰ উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্রদর্শনী কৰাৰ সুযােগ পােৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া প্রতিযােগিতাতো অংশগ্রহণ কৰিব পাৰিব বুলিও তেওঁ জনাইছে । কৃষিৰ ক্ষেত্ৰত জড়িত বিভিন্ন বিভাগ , উদ্যোগৰ উপৰিও পশুপালন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিপনিয়েও ৰাষ্ট্ৰীয় এই প্ৰদৰ্শনীত অংশ গ্ৰহন কৰিছে