নিউজ ডেস্কঃ পাহাৰ-ভৈয়ামৰ সম্প্রীতিৰ নিদর্শন ঐতিহ্যমণ্ডিত জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে জোনবিল মেলা। কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাৰ ৰাজ দৰবাৰত ১৪ জন তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰিব।