জয়ন্ত মুদৈ, বেবেজীয়াঃ তিনিদিন পাৰ হৈ যোৱাৰ পাচতো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই সোতৰ শতিকাতে প্ৰতিষ্ঠা কৰা আইলক্ষী থানৰ পৰা চুৰি হোৱা পুৰণিকলীয়া আপুৰুগীয়া সম্পদ৷ জাজৰি আৰক্ষীয়ে দুস্কাৰ্যত জড়িত থকাৰ সন্দেহত ইতিমধ্যেই আটক কৰা বিকি দাস আৰু প্ৰণৱ শইকীয়া নামৰ যুৱক দুজনক জেৰাৰ অন্তত জাজৰি থানাৰ ৩২/২২ নম্বৰৰ গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰিছে বুলি তদন্তকাৰী আৰক্ষী বিয়ষা ৰঞ্জিত গগৈয়ে জানিবলৈ দিছে৷ তদন্তৰ খাতিৰতে অভিযুক্ত দুজনৰ ভাষ্য প্ৰকাশৰ পৰা বিৰত থকা জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কয় যে বিগত সপ্তাহত ৰাইদঙীয়াকে ধৰি দাঁতিকাষৰীয়া ঠাই সমূহৰ ধৰ্মীয় অনুষ্ঠান সমূহত সংঘটিত ধাৰাবাহিক চুৰি কাণ্ডত চোৰৰ দলে ঘাইকৈ ধন -সোন লুট কৰাতহে গুৰুত্ব দিছিল৷ কাঁহ-পিতলৰ বস্তুবোৰ প্ৰায়ে এৰি গৈছিল। চুৰি কাণ্ডসমূহ পুৰণা প্ৰফেশ্যনেল চোৰৰ সলনি নতুন চোৰৰ দলে কৰা বুলি সন্দেহ প্ৰকাশ কৰে আৰু একাংশ ড্ৰাগছ আসক্ত যুৱক চোৰৰ দলৰ লগত নতুনকৈ জড়িত হৈছে বুলি সন্দেহ ব্যক্ত কৰিছে৷