অসম চুক্তি ৰূপায়ন সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ আজি তৃতীয়খন বৈঠক অনুষ্ঠিত হয়৷ ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আৰু এলানি বৈঠত অনুষ্ঠিত হয়৷ গুৱাহাটী খানাপাৰাস্থিত অসম ৰাজ্যিক প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা, পীয়ুষ হাজৰিকা, আনহাতে আছুৰ তৰফৰ পৰা মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা, প্ৰকাশ দাসে অংশগ্ৰহণ কৰে৷ কেইবাঘণ্টীয়া আলোচনাত অসম চুক্তি ৰূপায়ন, ৬নং দফা সন্দৰ্ভত আলোচনা কৰা হয়৷ খিলঞ্জীয়াৰ ৰাজনীতিক অধিকাৰ বিষয়ত বিশেষকৈ আলোচনা কৰা হয়৷ অসম চৰকাৰৰ ২গৰাকী মন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৫ জন প্ৰতিনিধিৰে গঠন হোৱা সমিতিৰ তৃতীয়খন বৈঠকত অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত উপস্থিত থকা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজিও আছুৱে ‘কা’ বিৰোধী স্থিতিত অটল বুলি কয়। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিপ্লৱ শৰ্মা সমিতিৰ সিদ্ধান্ত মৰ্মে আলোচনা আগবাঢ়িব লাগিব আৰু প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী হ’ব লাগিব৷ সময় মতে, প্ৰতিবেদন দিয়াৰ পিছতো কাৰ্যকৰী হোৱা নাই বুলি অভিযোগ আনে৷ আছুৱে আন্দোলনৰ কাৰণে আন্দোলন নকৰে। সমস্যা সমাধানৰ বাবেহে আন্দোলন কৰে। অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব ৰক্ষা হ’ব লাগিব৷ আছুৱে আন্দোলনৰ কাৰণে আন্দোলন নকৰে। সমস্যা সমাধানৰ বাবেহে আছুৱে আন্দোলন কৰে। অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব ৰক্ষা হ’ব লাগিব৷ আলোচনা মানে আপোচ নহয়। ৰাজপথত দিয়া শ্ল’গান আৰু আলোচনাত দিয়া যুক্তিৰে আগবাঢ়িব আছু৷ অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন নোহোৱালৈকে আছু ক্ষান্ত নাথাকে। আছুৱে যুঁজি যাব।