নাহৰকটীয়াঃ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন এইবাৰ অনুষ্ঠিত হ’ব তৈলনগৰী দুলীয়াজানত। সুদীৰ্ঘ ২৮ বছৰৰ অন্তত আছুৰ কেন্দ্ৰীয় অধিৱেশন ডিব্ৰুগড় জিলাত অনুষ্ঠিত কৰাক লৈ সদৌ ডিব্ৰুগড় জিলাৰ ৰাইজ তথা আছু উৎফুল্লিত হৈ পৰিছে।
আগন্তুক আছুৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতিৰ গঠনৰ উদ্দেশ্যৰে শনিবাৰে দুলিয়াজান চলাকটকী খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। কামৰূপ, গোৱালপাৰা, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় তথা জিলাৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ তথা স্থানীয় বহু বিশিষ্ট ব্যক্তিয়ে আহি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।
‘আগন্তুক দিনত এই অভ্যৰ্থনা সমিতিখনে সদৌ অসম ছাত্ৰ সন্থাক এক গতি প্ৰদান কৰিব আৰু অক্টোবৰৰ শেষৰ ফালে নাইবা নৱেম্বৰ আগছোৱাত অনুষ্ঠিত হব লগীয়া কেন্দ্ৰীয় অধিবেশনত নতুন চিন্তা ধাৰাৰ উন্মেষ ঘটিব। সমগ্ৰ অসমৰ ছাত্ৰ সমাজ আৰু অসমক আগুৱাই নিবলৈ এই অধিৱেশনত ইয়াৰ মাপকাঠি তৈয়াৰ কৰা হ’ব।’-এইদৰে কয় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই।
এফালে কৰ’না, আনফালে অস্তিত্ব সংকট। এনে এক জটিল সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন কিদৰে ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰিব পাৰি সেই লৈও এতিয়া ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় নেতৃত্ব। ছাত্ৰ সন্থাৰ ইতিহাসত এই অধিৱেশনখনক সৰ্বাংগীন সুন্দৰ অধিৱেশন কৰি তুলিবলৈ দুলিয়াজানবাসী ৰাইজে যৎপৰনাস্তি চেষ্টা চলাব বুলি আশা প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।