শিৱসাগৰঃ বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা শিৱসাগৰৰ এগৰাকী যুৱকৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত৷ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত শিৱসাগৰৰ আমগুৰি গাঁৱৰ বুবু আলিৰ ২৬ বছৰীয়া পুত্ৰ আনাৰ আলিৰ মৃতদেহ উদ্ধাৰ হয় বৃহস্পতিবাৰে৷ জানিব পৰা মতে, আনাৰ আলী কেইমাহমান পূৰ্বে আগ্ৰাত কাম কৰিবলৈ গৈছিল৷ তাত কাম কৰি থকাৰ সময়তে যোৱা ৫ দিনেই সন্ধানহীন হৈ আছিল। তাৰ পিছতে যুৱকজনৰ মৃতদেহ উৱলি যোৱা অৱস্থাত ৫ দিনৰ মূৰকত উদ্ধাৰ হয় বুলি পৰিয়ালে জানিবলৈ দিয়ে৷ পৰিয়ালে আনাৰক হত্যা কৰাৰ সন্দেহ কৰিছে। ৰাজু মণ্ডল, বাবু মণ্ডল, সুভাষ ৰাজপুতে হত্যা কৰা বুলি সন্দেহ কৰিছে আনাৰৰ পৰিয়ালে৷ আনাৰৰ মৃতদেহ আগ্ৰাতে আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে৷