ডিজিটেল ডেস্কঃ আগন্তুক নিৰ্বাচনত ৰাজ্যত শাসক বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব তাকেই লৈ সময়ে সময়ে বিতৰ্ক তথা চৰ্চা চলে৷ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে দুজনকৈ লোকৰ নাম উচ্চাৰণ হৈ থকাত এই বিষয়ত বিৰোধীয়ে কটুক্তি কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে মুখ খুলিব লগা হৈছিল৷ কিন্তু বৃহস্পতিবাৰে সকলো তথাকথিত জল্পনা-কল্পৱাৰ অৱসান পেলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালাক পুনৰ মুখ্যমন্ত্ৰী দপৰ প্ৰাৰ্থী হিচাপে মোহৰ লগালে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যাক জন্মদিনটোত গুৱাহাটী মহানগৰীত বিজেপিয়ে কেইবাটাও কাৰ্যসূচী ৰূপায়ন কৰিছিল৷ গুৱাহাটী কলাক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিয়ে আয়োজন কৰে শিল্পী সম্বৰ্ধনা সমাৰোহ আৰু আন কেইবাটাও কাৰ্যসূচীত অংশ লবলৈ অসমলৈ অহা ৰাম মাধৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে সোণোৱালেই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব বুলি আওপকীয়াকৈ স্পষ্ট কৰে৷
কলাক্ষেত্ৰত ভাষণ দি ৰাম মাধৱে কয় যে অসমৰ জনগণৰ হাতত সমৰ্পিত ৰাজ্যৰ ৫ বছৰৰ বিজেপি চৰকাৰ। আশা কৰো সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ নেতৃত্বৰ দলটোক অসমৰ লোকে পুনৰ আশীৰ্বাদ দিব। যেনেকৈ নৰেন্দ্ৰ মোদীক ২০১৪ৰ তুলনাত ২০১৯ত অধিক ভোট দিছিল আৰু চৰকাৰ গঠনত সহায় কৰিছিল৷ অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে বিজেপিক অধিক ভোট দি ৫বছৰ শাসন কৰাৰ সুযোগ দিব বুলি কয় ৰাম মাধৱে৷ ৰাম মাধৱে এনে মন্তব্য প্ৰদান কৰি সকলো মুখ্যমন্ত্ৰীক চৰ্চাৰ অৱসান ঘটাই সোণোৱালাৰ নাম মোহৰ লগাই বৃহস্পতিবাৰে৷
এই অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাস, মন্ত্ৰী নৱ কুমাৰ দলে, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, উপস্থিত থাকি নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাংগীণ উন্নয়নৰ এক ন-দিগন্তৰ সূচনা হৈছে বুলি দাবী কৰে তিনিও নেতাই। মোদীক জনগণৰ অতিকৈ আপোন বুলি দাবী কৰি কেইবাগৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰি শাসকীয় দলটোৰ নেতাসকলে শিল্পীসকলৰ সৈতে মত-বিনিময় কৰে।