নিউজ ডেস্কঃ মঙলবাৰে সন্ধিয়া আদানিৰ শ্বেয়াৰৰ মূল্য ২৫ শতাংশ বৃদ্ধি পাই ১৮০০ টকাত ৰৈ গৈছিল যদিও বুধবাৰে পুৱা ১২ শতাংশ বাঢ়ি ২০০০ টকালৈ বৃদ্ধি পায় শ্বেয়াৰৰ মূল্য৷ কি যাদুৰ বলত কম সময়ৰ ভিতৰতে আদানিয়ে নিজৰ ব্যৱসায়িক সামৰাজ্যৰ পতন ৰুধিব পাৰিলে? এই বৃহৎ প্ৰশ্ন এতিয়া ভাৰতীয় অৰ্থনীতিত সৰৱ চৰ্চা হৈ পৰিছে৷ শ্বেয়াৰ মাৰ্কেটত মূৰ তুলিবলৈ আদানিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ আদানি গ্ৰুপৰ আটাইকেইটা সংস্থা যেনে আদানি এণ্টাৰপ্ৰাইজ, আদানি প’ৰ্ট, অম্বুজা চিমেণ্টকে ধৰি সকলোৰে তিনি মাহৰ লাভ-লোকচানৰ হিচাপ ৰাজহুৱা কৰে৷ কেইবাটাও সংস্থাৰ লাভ দেখুৱাবলৈ সক্ষম হয় আদানি৷ কিন্তু বিশ্বাস হোৱা নাছিল বিনিয়োগকাৰীসকলৰ৷ কাৰণ আদানি গোষ্ঠীয়ে ১ লাখ ৬০ হাজাৰ কোটি টকাৰ ঋণ ঘূৰাই দিবলৈ আছে৷ এই ঋণৰ বোজা আদানিয়ে কেনেকৈ মাৰিব? কিন্তু চমক সৃষ্টি কৰি মঙলবাৰে আদানিয়ে ৯,১৮৫ কোটি টকাৰ ঋণ বহু বেংকক ঘূৰাই দিয়ে৷ ১১০ কোটি ডলাৰৰ ঋণ এনেদৰে ঘূৰাই দিয়াৰ লগে লগে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত কৰা অভিযোগৰ এক প্ৰত্যুত্তৰ দিব পাৰিলে আদানিয়ে৷ হিণ্ডেনবাৰ্গৰ মূল অভিযোগ আছিল- লোকচান ভৰি থকা আদানিৰ ঋণৰ বোজা দিনে দিনে বাঢ়ি আহিছে৷ কিন্তু আদানিয়ে অতি তৎপৰতাৰে এই ঋণ ঘূৰাই দিয়াৰ পিছতেই এটা ঘটনা ঘটিল- ৭ ফেব্ৰুৱাৰী মঙলবাৰে আমেৰিকাৰ বেংকিং এনালাইছিছ সংস্থা জে পি মৰ্গ্যানে এক প্ৰতিবেদন দিলে যে শ্বেয়াৰৰ দাম কমিলেও আদানি গ্ৰুপে বণ্ড ইণ্ডেক্সৰ ভিতৰত কাম কৰি থাকিব পাৰিব৷ জে পি মৰ্গ্যান হ’ল বিশ্বৰ এক অন্যতম বেংকিং আৰু অৰ্থনৈতিক তথ্য বিশ্লেষণকাৰী সংস্থা৷ এই সংস্থাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত আদানিৰ শ্বেয়াৰ মাৰ্কেট স্থিৰ হয়৷ বুধবাৰে আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ ১১ শতাংশলৈ বৃদ্ধি পায়৷ অৱশ্যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পূৰ্বে এই শ্বেয়াৰৰ দাম আছিল ৩ হাজাৰ টকা৷ আন এটা সংস্থাৰ প্ৰতিবেদনে আদানিৰ শ্বেয়াৰ মাৰ্কেটৰ খহনীয়া ১৫ দিনৰ ভিতৰতে নিয়ন্ত্ৰণ কৰিলে৷ অৱশ্যে এই খহনীয়া ৰোধ কিমান দিনলৈকে অব্যাহত থাকিব সেই সন্দৰ্ভত সন্দেহ ব্যক্ত কৰিছে অৰ্থনীতিবিদসকলে৷