পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰধান বিৰোধী দল আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ৷ কেৱল লালু প্ৰসাদ যাদৱে নহয় পৰিয়ালৰ কেইবাগৰাকী সদস্য গ্ৰেপ্তাৰ হ’ব পাৰে৷ কিয়নো চাকৰিৰ বিনিময়ত ভূমি কব্জা কৰাৰ এটা পুৰণি গোচৰত লালু প্ৰসাদ যাদৱ আৰু পৰিয়ালৰ কেইবাগৰাকী লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে চিবিআই-এ৷
বিহাৰৰ শক্তিশালী ৰাজনীতিক হিচাপে চৰ্চিত যাদৱ পৰিয়ালে পুনৰ বিপদত পৰিছে৷ লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআই-এ তদন্ত আৰম্ভ কৰিছে। শুকুৰবাবে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসায় যাদৱ আৰু পৰিয়ালৰ লোকক আজি পুৱাৰ পৰা অভিযান আৰম্ভ কৰে৷ দিল্লীৰ ঘৰসহ মুঠ ১৭ স্থানত অভিযান চলাই চিবিআইৰ দলে।
কিছুদিন পূৰ্বে কাৰাগাৰৰ পৰা মুকলি হৈ অহা লালু প্ৰসাদ যাদৱ, পত্নী ৰাবৰী দেৱী, কন্যা মিছা ভাৰতীৰ বিহাৰৰ পাটনা, গোপালগঞ্জ আৰু দিল্লীৰ গৃহত অভিযান চলে। লালু প্ৰসাদে যাদৱে ২০০৪ চনত ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত চাকৰি দিয়াৰ বিনিময়ত ভূমি লোৱাৰ উত্থাপিত অভিযোগক লৈ চিবিআই-এ অভিযান চলাই৷ চিবিআইয়ে নতুন প্ৰমাণ বিচাৰি পোৱাত অভিযান চলোৱা বুলি কয়৷
চিবিআইৰ বৃহৎ দলে আজি পুৱাৰ পৰা এতিয়ালৈ লালু প্ৰসাদ যাদৱৰ বাসস্থান, পত্নী ৰাবৰী দেৱী, কন্যা মিছা ভাৰতী, লালু পৰিয়ালৰ ঘনিষ্ঠ ৰাজেশ আগৰৱালৰ ঘৰত অভিযান চলাই৷
বিহাৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তন হ’ব বুলি চৰ্চা চলি থকাৰ লৈ চৰ্চা আৰম্ভ হোৱাৰ পাছতে আৰজেডিক চাপত ৰাখিবলৈ বিজেপিয়ে কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷
জেডিইউ নেতা তথা নীতিশ কুমাৰে বিজেপিৰ সংগ এৰি আৰজেডিৰ কাষ চাপিব বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এই অভিযান চলে৷ কিয়নো ৰোজাৰ মাহত
বিৰোধী দলপতি তেজস্বী যাদৱে আয়োজন কৰা ইফটাৰ পাৰ্টীত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত আছিল৷ এনে সময়তে কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআইৰ অভিযান আৰম্ভ হয়৷
শেহতীয়াকৈ পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ।