গুৱাহাটীঃ অসমৰ ৰাইজৰ এটা চিনাকী কণ্ঠ হেৰাই গ’ল৷ ৰেডিঅ’ যোগে বাতৰি পৰিবেশন কৰা আকাশবাণী গুৱাহাটীৰ চিনাকী কণ্ঠ গোলাপ শইকীয়াই শনিবাৰে অকাল মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, কোভিডত আক্ৰান্ত হৈ গোলাপ শইকীয়াই চিকিৎসাধীন হৈ আছিল৷ কিন্তু চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় আকাশবাণী গুৱাহাটীৰ অংশকালীনন বাতৰি পৰিবেশক গোলাপ শইকীয়াই৷