নিউজিলেণ্ডৰ মাউণ্ট মাউনগানুইৰ বে ওভালত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ আজি এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে চিৰবৈৰী পাকিস্তানক হৰুৱাই বিজয়ী হয়৷ আইচিচি-২০২২ মহিলা এদিনীয়া বিশ্বকাপত দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক ১০৭ ৰাণত পৰাস্ত কৰে৷ ভাৰতৰ ৰাজেশ্বৰীৰ বিধ্বংসী বলিঙত বিধ্বস্ত হয় পাক দল। ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। মিতালী ৰাজৰ নেতৃত্বত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে ১০৭ ৰাণৰ বিশাল বিজয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰে৷ ভাৰতে বান্ধি দিয়া জয়ৰ লক্ষ্য ২৪৫ ৰানৰ বিপৰীতে পাকিস্তানে ৪৩ অভাৰত ১০টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানা আৰু দীপ্তিৰ ৯২ ৰাণৰ অৱদানে ভাৰতীয় দলক শক্তিশালী দিশলৈ নিয়ে৷ তিনিগৰাকী খেলুৱৈৰ অৰ্ধশতকেৰে দলটোৱে ৭ ইউকেট হেৰুৱাই ২৪৪ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ ছিদৰা আমিনে ৩০ ৰান কৰাৰ বিপৰীতে বাকী খেলুৱৈসকলে ২০ ৰানৰ ঘৰ পাৰ কৰিব নোৱাৰিলে।