ৰঙিয়াঃ দেশৰ অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষাৰ স্বাৰ্থত ২০১২ চনৰ ১২ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰাণসীত আত্ম বলিদান দিয়া কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱান ভাস্কৰ কুমাৰৰ স্মৃতিত ৰঙিয়াৰ বিচেন্নালা গাঁৱত স্থাপন কৰা প্ৰতিমূৰ্তিটোৱে সমগ্ৰ অঞ্চলত দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে পৰিয়ালৰ লোকে ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটো আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ হতুৱাই উন্মোচন কৰিছিল।
একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী তথা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱান শ্বহীদ ভাস্কৰ কুমাৰৰ সুউচ্চ প্ৰতিমূৰ্তিয়ে নৱ প্ৰজন্মক দেশ প্ৰেমৰ নিদৰ্শন দেখুৱাই আহিছে। শেহতীয়াভাকৈ চোৱা-চিতা কৰাৰ অভাৱত প্ৰতিমূৰ্তিটো অৱহেলিত হৈ জহি-খহি যাবলৈ ধৰা বুলি অভিযোগ উত্থাপন হৈছে৷
প্ৰতিমূৰ্তিটোৰ সংৰক্ষণ আৰু চৌহদৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজেও ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে।আনহাতে শেহতীয়া ভাবে এই ক্ষেত্ৰত ৰাইজে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাক এই অৱগত কৰাত কলিতাই যথা সম্ভৱ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে।