নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী সহকাৰী শিক্ষক, প্ৰবীণ অভিনেতা, সমাজকৰ্মী কনক কন্দলীৰ কালি নিশা নগাঁও চহৰৰ খুটিকটীয়াৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ ৷ নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজ জাজৰিৰ মাজগাঁৱৰ সম্ভ্ৰান্ত ‘কন্দলী পৰিয়াল’ৰ কৃৰ্তী সন্তান কনক কন্দলীৰ বিয়োগত সমগ্ৰ হাতীচোং মৌজাতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ কৃতী শিক্ষক কনক কন্দলী হিন্দী বিষয়ৰ সমল শিক্ষক হোৱাৰ উপৰি ‘অসমীয়া গদ্য সাহিত্য আৰু কবিতা’ৰো এগৰাকী সমল শিক্ষক আছিল । অতি ঘৰুৱা আৰু থলুৱা উপমাৰে প্ৰতিটো পাঠ শিক্ষাৰ্থীৰ মন-মগজুত সুমুৱাই দিবলৈ সক্ষম হোৱা কন্দলি শিক্ষকতাৰ লগতে হস্তশিল্পৰো এগৰাকী নিপুন শিল্পী আছিল ৷ অমায়িক আৰু শান্ত স্বভাৱৰ কন্দলীয়ে মাজগাঁৱকে ধৰি হাতীচোং মৌজাৰ বিভিন্ন ঠাইত অংকীয়া ভাওনা আৰু মঞ্চ নাটত কৰা সুদক্ষ অভিনয় অভিনয়প্ৰেমী দৰ্শকে কেতিয়াও পাহৰিব নোৱাৰিব ৷ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বিয়োগত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট শাখা সাহিত্য সভা, মাজগাঁও জগজ্যোতি সংঘ, মাজগাঁও সাৰ্বজনীন ৰাস উৎসৱ সমিতি, ত্যাগবীৰ হেম বৰুৱা সামূহিক পুথিভঁৰাল, জাজৰি প্ৰেছ ক্লাব, চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত সৰবৰহী ব্যক্তি কন্দলীয়ে পত্নী, দুগৰাকী জীয়াৰীসহ বহু আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ যায় ৷