জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়াৰ দাঁতি কাষৰীয়া বৰক’লা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ হৰিপ্ৰসাদ ডেকা ৰজাৰ বুধবাৰে পুৱা নিজ বাসভবনত জীৱনাৱসান ঘটে। জানিব পৰা মতে, বিগত কিছু দিন ধৰি অসুস্থতাত ভুগি থকা ডেকা চিকিৎসকৰ তত্ত্বাৱধানত ঘৰতে চিকিৎসাধীন হৈ আছিল। এসময়ত এগৰাকী সুদক্ষ ফুটবল খেলুবৈ হিচাবে পৰিচিত ডেকাৰজাই দক্ষিনপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷ শিক্ষকতাৰ সমান্তৰালভাৱে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থকা ডেকাৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷ ডেকাৰ মৃত্যুত বিভিন্ন অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে৷ সৎ, অমায়িক আৰু সৰবৰহী ডেকাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু দুগৰাকী বিবাহিত কন্যাসহিতে বহু ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি থৈ যায়৷