নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুজিদাঁহৰ নিবাসী বিশিষ্ট সমাজকৰ্মী, প্ৰবীণ অভিনেতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন্দ্ৰ নাথ বৰা(বাপুতি)ৰ আজি পুৱতি নিশা মধুমেহ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে । কুজিদাঁহ শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদৰ প্ৰাক্তন সভাপতি, কুজিদাঁহ যুৰীয়া নামঘৰ উন্নয়ন সমিতিৰ হিচাপৰক্ষক, শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ সমিতিৰ বিষয়ববীয়াৰ দৰে গুৰু দায়িত্ব নিষ্ঠাৰে পালন কৰা আশী বছৰ উৰ্ধ্বৰ বৰ্ষীয়ান লোকগৰাকীয়ে অসমীয়া ভাওনাত বিভিন্ন চৰিত্ৰত সুদক্ষতাৰে অভিনয় কৰি ৰাইজৰ মাজত বেছ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল । তেওঁ কাকী, কহিগুৰি-ভালুকমাৰী আৰু জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয় আদিত শিক্ষকতা কৰাৰ পিছত ৰহা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষকৰূপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰিছিল । গণিত বিষয়ত প্ৰচুৰ ব্যুৎপত্তি থকা বৰা এগৰাকী সফল অভিভাৱকো আছিল । এগৰাকী সমাজ সংগঠক বৰা কৃতি শিক্ষকৰূপেও ছাত্র-ছাত্রীৰ মাজত জনপ্ৰিয় আছিল । তেওঁৰ বিয়োগৰ বতৰা পোৱাৰ পিছতে বহু গুণমুগ্ধ তেওঁৰ বাসগৃহত সমবেত হৈ নশ্বৰ দেহ এক মৌন শোভাযাত্ৰাৰে শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদলৈ নি শেষ শ্ৰদ্ধাঞ্জলি যাচে । বৃহত্তৰ গ্ৰামাঞ্চলটোৰ প্ৰায়বোৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত মৃদুভাষী সৰবৰহী লোকগৰাকীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ বিপৰীতে শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদ, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নগাঁও জিলা সমিতি, নগাঁও জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থা, বেবেজীয়া প্ৰেছ ক্লাব, জাজৰি প্ৰেছ ক্লাৱ, হাতীচোং পঢ়ুৱৈ চ’ৰা, সান্নিধ্য, শ্বাইন’ছ প্লেয়াৰ্ছ, বৰগছ, সদৌ অসম শ্ৰীশ্ৰী গোপালদেৱ সমাজ, পূৱ হাতীচোং সন্মিলিত মঞ্চ, সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতি আদিৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুগৰাকী বিবাহিত কন্যা, জোঁৱাই, দুজন পুত্ৰ, বোৱাৰী, ভগ্নী, ভতিজা, ভাগিন, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷