ডিজিটেল ডেস্কঃ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ সুস্থ হৈ এইমছ এৰিলে৷ ক’ৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছতে পুনৰ অসুস্থ হৈ পৰাত এইমছত ভৰ্তি হৈছিল বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ৷
সোমবাৰে পুৱা সম্পূৰ্ণ ৰূপে সুস্থ হৈ চিকিৎসালয় এৰে শ্বাহে৷ প্ৰথমে গুৰুগ্ৰামৰ মেদান্ত হস্পিতালত ভৰ্তি হৈ চিকিৎসা কৰিছিল৷ মেদান্তত ক’ৰোনাৰ পৰা আৰোগ্য হৈ পিছত শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত এইমছত ভৰ্তি হৈছিল৷